Local, Vocal, Global

বিশ্ব বিজয়ী দৌৰবিদ উছেইন ব’ল্ট্ আক্ৰান্ত ক’ৰনাত

বিশ্ব বিজয়ী দৌৰবিদ উছেইন ব’ল্ট্ ক’ৰনাত আক্ৰান্ত। আঠবাৰকৈ অলিম্পিকত স্বৰ্ণ বিজয়ী দৌৰবিদ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ কথা সোমবাৰে শেষ নিশা নিশ্চিত কৰে জামাইকাৰ স্বাস্থ্য মন্ত্ৰালয়ে।
যোৱা সপ্তাহত নিজৰ ৩৪ বছৰীয়া জন্মদিন পালন কৰিছিল ১০০ আৰু ২০০ মিটাৰ দৌৰত বিশ্ব অভিলেখ সৃষ্টিকাৰী দৌৰ সম্ৰাট গৰাকীয়ে। সম্প্ৰতি জামাইকাৰ নিজ বাসগৃহত হোম আইছ’লেচনত আছে বিশ্বখ্যাত দৌৰবিদ গৰাকী।