Local, Vocal, Global

উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ নেতৃত্ব

চূড়ান্ত পর্যায়ত বিটিচিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ ৪টা দিন বাকী। এনে সময়তে আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে ৰাজ্যিক বিজেপিৰ নেতৃত্বই। বডোফাৰ পৰিয়ালৰ সদস্যসকলৰ লগত বিভিন্ন বিষয়ত মত-বিনিময় কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ইয়াৰ উপৰিও বডোফাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে ৰঞ্জিত দাসে। এই সময়ছোৱাত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সংগ দিয়ে অভিনেতা তথা বিজেপি নেতা যতীন বৰাই। পিছত ৰঞ্জিত দাসে সাংবাদিকৰ আগত এইবুলি কয় যে বড়োসকলৰ মুক্তি সংগ্ৰামক নেতৃত্ব দিয়া বডোফাৰ জীৱন কালত তেওঁৰ সান্নিধ্য লাভৰ সৌভাগ্যৰ পৰা বঞ্চিত হ’ল ৰঞ্জিত দাস।

কিন্তু বডোফাৰ ঘৰলৈ অহাৰ হেঁপাহ আছিল বহুদিনৰ পৰা। সেই হেঁপাহ আজি পূৰ হোৱাত তেওঁ গৌৰাৱান্বিত। লগতে বডোফা এগৰাকী নিঃস্বাৰ্থ জননেতা আছিল বুলি উল্লেখ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে সাম্প্ৰতিক সময়ত তেনে নেতাৰেই সমাজত প্ৰয়োজন বুলি উল্লেখ কৰে। উল্লেখ্য যে কোকৰাঝাৰ জিলাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দোতমাত থকা প্ৰয়াত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ঘৰত এভুমুকি মাৰে।