Local, Vocal, Global

অহা সপ্তাহৰ পৰাই ইংলেণ্ডত কৰ’নাৰ প্ৰতিষেধক

ইংলেণ্ডেই হ’লগৈ কৰ’নাৰ প্ৰতিষেধকৰ ব্যৱহাৰত অনুমতি দিয়া প্ৰথমখন পশ্চিমীয়া দেশ। কৰ’না ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে ফাইজাৰ আৰু বায়নটেকৰ প্ৰতিষেধকক জৰুৰী অনুমোদন প্ৰদান কৰিছে দেশখনে। ইতিমধ্যে এই প্ৰতিষেধকে তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ৯৫ শতাংশ সফলতা লাভ কৰিছে বুলি তথ্য প্ৰকাশ পাইছে। ইংলেণ্ডৰ চৰকাৰী বিবৃতিত প্ৰকাশ যে অহা সপ্তাহৰ পৰা এই প্ৰতিষেধক দেশখনত উপলব্ধ হ’ব। ঔষধৰ ব্যৱহাৰৰ বেলিকা ইংলেণ্ডৰ সংশ্লিষ্ট নিয়ন্ত্ৰক সংস্থাই বুধবাৰে প্ৰকাশ কৰে যে ফাইজাৰৰ প্ৰতিষেধকে সুৰক্ষা, মান আৰু কাৰ্যকৰিতাৰ উপযুক্ত মানদণ্ড ৰক্ষা কৰিব পাৰিছে। দেশখনত ক্ষিপ্ৰতাৰে সামূহিক কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে চিকিৎসকসকলক সাজু থাকিবলৈ কোৱা হৈছে৷ চীন আৰু ৰাছিয়াৰ পিছত ইংলেণ্ডেই হ’লগৈ কৰ’না প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়া তৃতীয়খন দেশ। দেশখনৰ ২০ মিলিয়ন নাগৰিকক দুটাকৈ পালিৰ কৰ’নাৰ প্ৰতিষেধক দিয়াৰ আঁচনি হাতত লৈছে চৰকাৰে।