Local, Vocal, Global

HSLC result 2023: পঞ্চম স্থানত কাহিলিপাৰাৰ উপকূল পৰাশৰ

গুৱাহাটী, ২২ মে’ : আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পঞ্চম স্থান দখল মহানগৰীৰ কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ উপকূল পৰাশৰ (Upakul Parashar fifth position in HSLC 2023) । লগতে সমগ্ৰ কাহিলিপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে উপকূল পৰাশৰে (HSLC result) । উপকূলে ছটা বিষয়ত লেটাৰসহ মুঠ ৫৯০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ৯৮.৩৩ শতাংশ লাভ কৰিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰজনে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে বুলি উল্লেখ কৰিছে (Assam HSLC result 2023) ।

জানিব পৰা মতে উপকূল পৰাশৰে অধ্যয়নৰ লগতে চিত্ৰ অংকন কৰি আৰু খেল খেলি ভাল পায় । উপকূল পৰাশৰৰ ফলাফলক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পিতৃ-মাতৃ তথা সমগ্ৰ অঞ্চলবাসী আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছে ।

উপকূলৰ এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগিতা থকা বুলি উল্লেখ কৰে । হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ আগত দৈনিক পাঁচ ছয় ঘন্টা পঢ়া শুনা কৰা উপকুলে পিছলৈ তেৰ চৈধ্য ঘন্টা অধ্যয়ন কৰিছিল ।

লগতে পঢ়ক : Srinivas appear before Assam Police: আৰক্ষীৰ সন্মুখত হাজিৰ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি