Local, Vocal, Global

SEBA Result 2023 Toppers: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম স্থান হৃদম ঠাকুৰীয়া

ঢেকিয়াজুলি, ২২ মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰে ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া(Hridam Thakuria of Sankardev Sishu Niketan, Dhekiajuli tops) । হৃদম ঠাকুৰীয়াই মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়(Hridam Thakuriya tops HSLC exam with 596 marks) । ছাত্ৰ গৰাকীয়ে ইংৰাজীত ১০০ৰ ভিতৰত ১০০ নম্বৰ, গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱাৰ উপৰিও সমাজ বিজ্ঞান আৰু গণিতত ১০০ ৰ ভিতৰত ১০০ নম্বৰেই লাভ কৰে ।

তেওঁ অসমীয়াত ১০০ ৰ ভিতৰত ৯৮ আৰু সাধাৰণ বিজ্ঞানত ১০০ৰ ভিতৰত ৯৮ নম্বৰ পাই সুখ্যাটতিৰে উত্তীৰ্ণ হয় । ইফালে এই ফলাফল লাভ কৰি যথেষ্ঠ আনন্দিত হৈ পৰিছে হৃদম ঠাকুৰীয়া । এই ফলাফল তেওঁৰ বাবে সপোন সদৃশ বুলি উল্লেখ কৰে মেধাৱী ছাত্ৰ গৰাকীয়ে ।

উল্লেখ্য যে বহু উৎকণ্ঠাৰ মাজেৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্ত পৰিছিল ৷ কিয়নো কেইবাখনো প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো হতাশাময় পৰিৱেশৰ সৃষ্টি হৈছিল । পৰীক্ষাৰ সময়ত যি খেলিমেলি হৈছিল সেইখিনিৰ পৰা কেতিয়াও হৃদম হতাশ হোৱা নাছিল ।