Local, Vocal, Global

PIL in HC against exchange of Rs 2000: পৰিচয় পত্ৰ অবিহনে ২০০০ টকীয়া নোট সালসলনিৰ বিৰুদ্ধে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

নেশ্যনেল ডেস্ক, ২২ মে’: কোনো ধৰণৰ ৰিকুইজিচন স্লিপ আৰু পৰিচয় পত্ৰ নোলোৱাকৈ ২০০০ টকীয়া নোট সালসলনিৰ অনুমতিৰ বিৰুদ্ধে সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হয় (public interest litigation)। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে (Lawyer Ashwini Kumar Upadhyay) দাখিল কৰা আবেদনত উল্লেখ কৰে যে, এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় ষ্টেট বেংকে জাৰি কৰা অধিসূচনাখনক স্বেচ্ছাচাৰী আৰু অযুক্তিকৰ আখ্যা দি ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদক অপমান কৰা বুলি উল্লেখ কৰিছে ।

আবেদনখনত উল্লেখ কৰা হৈছে যে, বৃহৎ পৰিমাণৰ ধন হয় ব্যক্তিৰ লকাৰত সোমাই আছে, নহয় বিচ্ছিন্নতাবাদী, সন্ত্ৰাসবাদী, মাওবাদী, ড্ৰাগছ সৰবৰাহকাৰী, মাফিয়া অথবা দুৰ্নীতিগ্ৰস্ত লোকে জমা কৰি ৰাখিছে । অধিক মূল্যৰ টকাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন দুৰ্নীতিৰ মূল উৎস বুলি আবেদনখনত উল্লেখ কৰা গৈছে । লগতে সন্ত্ৰাসবাদ, নক্সালবাদ, বিচ্ছিন্নতাবাদ, উগ্ৰবাদ, জুৱা, চোৰাং ব্যৱসায়, ধন সৰবৰাহ, অপহৰণ, ধন দাবী, উৎকোচ আৰু যৌতুক আদিৰ দৰে অবৈধ কাৰ্যকলাপৰ বাবে অধিক মূল্যৰ টকা ব্যৱহাৰ কৰা বুলি আৱেদনখনত উল্লেখ কৰা হৈছে । এনেক্ষেত্ৰত ২০০০ টকীয়া বেংক নোটসমূহ যাতে কেৱল নিজ নিজ বেংক একাউণ্টতহে জমা হয়, সেইয়া আৰ বি আই আৰু এছ বি আইয়ে নিশ্চিত কৰিব লাগে ।

“শেহতীয়াকৈ কেন্দ্ৰই ঘোষণা কৰিছিল যে সকলো পৰিয়ালৰ প্ৰত্যেকৰে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থাকিব লাগিব । গতিকে পৰিচয়ৰ প্ৰমাণ নোলোৱাকৈ ২০০০ টকীয়া নোট সালসলনি কৰিবলৈ আৰ বি আইয়ে কিয় অনুমতি প্ৰদান কৰিছে ? দেশৰ ৮০ কোটি বিপিএল পৰিয়ালে বিনামূলীয়া ৰেচন লাভ কৰে বুলিও উল্লেখ কৰাটো প্ৰয়োজনীয় ।” ইয়াৰ অৰ্থ হ’ল ২০০০ টকীয়া নোটখন ৮০ কোটি ভাৰতীয়ৰ খুব কমেইহে ব্যৱহাৰ কৰে । সেয়েহে আৰ বি আই আৰু এছ বি আইয়ে ২০০০ টকীয়া নোটসমূহ কেৱল বেংক একাউণ্টতহে জমা কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে পদক্ষেপ ল’বৰ বাবে আবেদনকাৰীয়ে ন্যায়ালয়ক আবেদন কৰিছে ।”

২০০০ টকীয়া নোটসমূহ বেংক একাউণ্টত জমা কৰিলে ক’লা ধন আৰু অসমতাপূৰ্ণ সম্পত্তি থকা লোকসকলক সহজে চিনাক্ত কৰিব পৰা যাব বুলি আবেদনখনত উল্লেখ কৰা হৈছে (Depositing Rs 2000 currency notes in bank) । ১৯ মে’ত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ লগতে বৰ্তমান প্ৰচলিত নোটসমূহ হয় বেংক একাউণ্টত জমা কৰিব পাৰিব, নহয় ৩০ ছেপ্টেম্বৰৰ ভিতৰত সালসলনি কৰিব পাৰিব বুলি উল্লেখ কৰিছিল ।

আৰ বি আইৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে ২০০০ টকীয়া বেংকনোটবোৰ আইনী মুদ্ৰাৰ ৰূপত থাকিব (Rs 2000 denomination will continue to be a legal tender) । কাৰ্য্যকৰী সুবিধা সুনিশ্চিত কৰাৰ বাবে আৰু বেংক শাখাসমূহৰ নিয়মীয়া কাম-কাজত ব্যাঘাত নপৰাৰ স্বাৰ্থত আৰ বি আইয়ে উল্লেখ কৰে যে আগন্তুক ২৩ মে’ৰ পৰা ২০০০ টকীয়া নোটবোৰ অন্য মূল্যৰ নোটলৈ সালসলনি কৰাৰ ক্ষেত্ৰত যিকোনো বেংকে এটা সময়ত ২০ হাজাৰ টকালৈকেহে লেনদেন কৰিব পাৰিব ।

ভাৰতীয় ষ্টেট বেংকে সকলো স্থানীয় মুখ্য কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধকলৈ প্ৰেৰণ কৰা এক বাৰ্তাত উল্লেখ কৰা হৈছে যে, , কোনো ধৰণৰ ৰিকুইজিচন নোলোৱাকৈয়ে এটা সময়ত ২০ হাজাৰ টকাৰ সীমা পৰ্যন্ত জনসাধাৰণৰ দ্বাৰা ২০০০ টকীয়া নোট সালসলনিৰ সুবিধা প্ৰদান কৰা হ’ব । ইয়াৰ উপৰিও ২০ মে’ৰ এক বাৰ্তাত কোৱা হৈছিল যে লেনদেনকাৰীয়ে সালসলনিৰ সময়ত সময়ত কোনো পৰিচয় পত্ৰ দাখিল কৰিব নালাগে ।

লগতে পঢ়ক : Rs 2000 notes withdrawn from circulation: বন্ধ হ’ব ২০০০ টকাৰ নোটৰ প্ৰচলন