Local, Vocal, Global

Srinivas appear before Assam Police: আৰক্ষীৰ সন্মুখত হাজিৰ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি

গুৱাহাটী ২২ মে’: আজি অৰ্থাৎ সোমবাৰে অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিয়ে অসম আৰক্ষীৰ সন্মুখত হাজিৰ হৈছে (Srinivas BV appear before Assam Police) । যুৱ কংগ্ৰেছী অংকিতা দত্তই শ্ৰীনিৱাসৰ বিৰুদ্ধে মানসিক আতিশয্যৰ অভিযোগেৰে গোচৰ তৰাৰ পিছতেই দিছপুৰ আৰক্ষী চকীত শ্ৰীনিৱাসৰ বিৰুদ্ধে ৰুজু হৈছিল ৬৯২/২০২৩ নম্বৰৰ এটা গোচৰ (Ankita Dutta filed case against Srinivas B V for alleged mental abuse)।

এই গোচৰৰ ভিত্তিত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে আই পি চিৰ U/S 509/294/341/352/354/354 (A) (iv)/506 ধাৰাত ৰুজু হোৱা গোচৰৰ বাবে পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত মৈত্ৰেয়ী ডেকাই ২ মে’, ২০২৩ ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত এই গোচৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও অৱশেষত ২২ মে’ত গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয় ।

জানিব পৰা মতে শ্ৰীনিৱাসে মহানগৰীৰ পানবজাৰ থানাত আৰক্ষীৰ সন্মুখত হাজিৰ হৈছেহি । ইতিমধ্যেই পানবজাৰ থানা চৌহদকে ধৰি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, শ্ৰীনিৱাসৰ এই আগমণৰ এদিন পূৰ্বে সমগ্ৰ গুৱাহাটীত ১৪৪ ধাৰা জাৰী কৰা হৈছে । এই নিৰ্দেশ অনুসৰি, মহানগৰীত সমাবেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক । কোনেও দিব নোৱাৰিব চৰকাৰ বিৰোধী ধৰ্ণা । কোনো দল সংগঠনে উলিয়াব নোৱাৰিব সমদল ।

আশংকা কৰা অনুসৰি শ্ৰীনিৱাসৰ গুৱাহাটী আগমণত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমদল কিম্বা চৰকাৰবিৰোধী প্ৰতিবাদ কৰিব পাৰে । তেনে হ’লে যিকোনো মুহুৰ্ততে গুৱাহাটীৰ ৰাজপথ উত্তাল হৈ পৰিব পাৰে । এনে পৰিপেক্ষিততেই জনসাধাৰণৰ শান্তিপূৰ্ণ চলাচল আৰু আৰক্ষী আয়ুক্তৰ অধীনস্থ কাৰ্যালয়ৰ স্বাভাৱিক কাম-কাজ সুনিশ্চিত কৰাৰ লক্ষ্যৰে শনিবাৰে মহানগৰ আৰক্ষীৰ উপ আৰক্ষী উপ আয়ুক্ত ইমদাদ আলী স্বাক্ষৰিত এক বিবৃতিৰ জড়িয়তে গুৱাহাটীত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে (144 of CrPC imposed in Guwahati)।

লগতে পঢ়ক: আদানী শ্বেয়াৰৰ অধীনত সন্দেহজনক ব্যৱসায়, ছটাকৈ প্ৰতিষ্ঠানক তদন্তৰ আওতালৈ অনাৰ কথা কলে বিশেষজ্ঞ সমিতিয়ে