Local, Vocal, Global

ভাৰত জোড়ো যাত্ৰা লৈ অভূতপূৰ্ব সহাঁৰি

নিউজ ডেস্ক : যোৱা ৭ চেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা। বিজেপিৰ আমোলত দেশৰ সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বিনষ্ট হৈছে। এই অভিযোগ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে ধৰ্ম নিৰপেক্ষ দল সংগঠনে। ইতিমধ্যে উত্তৰ ভাৰতৰ লগতে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ সাত ৰাজ্যতো উগ্ৰ হিন্দুত্ববাদৰ আগ্ৰাসন আৰম্ভ হৈছে। সমাজত বৃদ্ধি হৈছে ধৰ্মীয় সংঘাট। তেনে এক জটিল আৰ্থ সামাজিক প্ৰত্যাহ্বানক নেওচি ৰাহুল গান্ধীৰ নেতূত্বত কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। আৰু এই যাত্ৰাৰ আৰম্ভণি কৰা হৈছে দক্ষিণ ভাৰতত। কিন্তু ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতক অগ্ৰাধিকাৰ দিছে কিয়?

উত্তৰ ভাৰতত ইতিমধ্যে আৰম্ভ হৈছে হিন্দুত্ববাদৰ সৰ্বাত্মক প্ৰয়োগ। তাৰ সমান্তৰালভাৱে দক্ষিণ ভাৰততো উগ্ৰ হিন্দুত্ববাদৰ প্ৰয়োগ ব্যাপক কৰি তুলিবলৈ নিৰন্তৰে প্ৰচেষ্টা চলিছে বিজেপিৰ উদ্যোগত। প্ৰতিষ্ঠা কৰা হৈছে উগ্ৰ হিন্দুত্ববাদী সংগঠন।

হিন্দু জনজাগৃতি সমিতিয়ে ২০০২ চনৰ পৰাই আৰম্ভ কৰিছিল হিন্দু ৰাষ্ট্ৰৰ প্ৰচাৰ। পৰিণতিত দক্ষিণ ভাৰততো আৰম্ভ হৈছিল উগ্ৰ হিন্দুত্ববাদ আৰু ধৰ্মীয় সংঘাট। ক্ৰমাত সৃষ্টি হৈছে হিন্দুত্ববাদৰ প্ৰতিক্ৰিয়া। তেনে পৰিস্থিতিয়ে অস্থিৰ কৰি তুলিব লাগিছে দক্ষিণ ভাৰতৰ ৰাজনীতি আৰু সামাজিক ব্যৱস্থা। আৰু হয়তো সেইবাবে সামাজিক সম্প্ৰীতি আৰু সুস্থ গণতান্ত্ৰিক পৰিৱেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থতে কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। দক্ষিণ ভাৰতত আৰম্ভ হোৱা এই ব্যতিক্ৰমী কাৰ্য্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ধৰ্মনিৰপেক্ষ সকলো স্তৰৰ নাগৰিকে।

বিজেপি আৰু RSSৰ নেতৃত্তত সম্গ্ৰ দেশত চলিব লাগিছে উগ্ৰ হিন্দুত্ববাদ। সৃষ্টি কৰা হৈছে ধৰ্মীয় উন্মাদনা। নাগৰিকৰ মৌলিক সমস্যাসমূহ গাপ দিয়া হৈছে কৌশলেৰে। একাংশ ধৰ্মান্ধলোকৰ মাজত সৃষ্টি কৰা হৈছে হিন্দু ৰাষ্ট্ৰৰ এক কাল্পনিক ধাৰণা। ঠিক সেই সময়তে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই হয়তো দেশৰ ১৫০ কোটি জনতাৰ মাজত পুনৰ সৃষ্টি কৰিব পাৰিব শান্তি সম্প্ৰীতি আৰু ধৰ্মীয় সদ্ভাৱনা। অন্য অৰ্থত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই বিজেপি আৰু RSSৰ কাল্পনিক হিন্দু ৰাষ্ট্ৰৰ ধাৰণাক নস্যাৎ কৰি দেশত পুনৰ শক্তিশালী কৰি তুলিব পাৰিব ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ব্যৱস্থা। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি নাগৰিকৰ ব্যাপক সঁহাৰিয়ে তাৰেই ইংগিত বহন কৰিছে।