Local, Vocal, Global

হিমাচল প্ৰদেশৰ কুল্লু জিলাত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক : সোমবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন ভ্ৰমণকাৰী বাছ খাৱৈত পৰি যোৱাৰ ফলত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (IIT) তিনিজন শিক্ষাৰ্থীসহ ১০ জন পৰ্যটক নিহত হয়।

বাতৰি অনুসৰি, দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত বাঞ্জাৰ মহকুমাৰ ঘিয়াঘিত সংঘটিত হৈছিল শোকাৱহ পথ দুৰ্ঘটনাটো।

আহতসকলক প্ৰথমে প্ৰাথমিক চিকিৎসাৰ বাবে বাঞ্জাৰ চিকিৎসালয়লৈ লৈ গৈছিল। পৰৱৰ্তীসময়ত তেওঁলোকক চিকিৎসাৰ বাবে কুল্লু আঞ্চলিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

নিশা আন্ধাৰৰ মাজতে উদ্ধাৰ অভিযান চলোৱাৰ বাবে বাঞ্জাৰৰ বিধায়ক বাঞ্জাৰ সুৰেন্দ্ৰ শৌৰীয়ে জিলা প্ৰশাসন আৰু স্থানীয় লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছিল।

তাৰোপৰি, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ আৰু ৰাজ্যখনৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ঘটনাটোত শোক প্ৰকাশ কৰিছে।