Local, Vocal, Global

ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সৰৱ হৈছে নাৰী শক্তি, ইৰাণত হিজাবৰ বিৰুদ্ধে মহিলাৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক : ইছলামিক ৰাষ্ট্ৰসমূহৰ অন্যতম অগ্ৰণী দেশ ইৰাণত ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিছে নাৰী সমাজ। হিজাব খুলি নিজৰ চুলি কাটি তীব্ৰ প্ৰতিবাদ সাব্যষ্ট কৰিছে ইৰাণৰ মহিলাই। ধৰ্মীয় মৌলবাদৰ বিপৰীতে উদাৰ আৰু মুক্ত সামাজিক জীৱনত পোষকতা কৰিবলৈ লৈছে ইৰাণৰ অধিকাংশ নাৰীয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০০০ চনতো ইৰাণৰ নাৰীবাদী সংগঠনে ধৰ্মীয় গোড়ামী আৰু পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে আৰম্ভ কৰিছিল প্ৰতিবাদ। কিন্তু শাসক গোষ্ঠীয়ে কঠোৰ হাতেৰে দমন কৰিছিল উদাৰপন্থী নাৰীৰ প্ৰতিবাদ। পৰৱৰ্তী পৰ্যায়ত স্তব্ধ হৈ পৰে ধৰ্মীয় গোড়ামী বিৰোধী প্ৰতিবাদী কাৰ্যসূচী। তাৰ পাছত পুনৰ ধৰ্মান্ধতা আৰু পুৰুষতান্ত্ৰিক সমাজৰ দমন নীতি সৰ্বাত্মক হৈ উঠে।

ধৰ্মীয় গোড়ামিৰ বিৰোদ্ধে ইৰাণৰ উদাৰপন্থী দল সংগঠনে পুনৰ তীব্ৰতৰ কৰি তুলিছে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত ২৬ চেপ্তেম্বৰ পৰ্যন্ত নিহত হৈছে অৰ্ধ শতাধিক লোক। আহত হোৱা লোকৰ সংখ্যা বহুশতাধিক বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ইৰাণৰ সেনা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা সহস্বাধিক। ইফালে ইৰাণৰ কট্টৰপন্থী শাসকৰ নেতা ইব্ৰাহিম ৰাইছিয়ে এই প্ৰতিবাদৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় বৈদেশিক শক্তি জড়িত থকা বুলি দাবী কৰিছে।

ভাৰতীয় মহিলাৰ স্বাধীন সামাজিক আৰু পাৰিবাৰিক জীৱনে প্ৰেৰণা যোগাইছে ইৰাণৰ নাৰী সমাজত। ভাৰতীয় নাৰীৰ সমান সামাজিক স্বাধীনতা ইৰাণৰ নাৰীৰ বাবে কল্পনাৰো অতীত। আৰু সেইবাবে ভাৰতীয় নাৰীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ধৰ্মীয় গোড়ামী আৰু হেজাৰ বছৰীয়া দাসত্বৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিছে ইৰাণৰ নাৰী সমাজ। খুলি পেলাইছে ধৰ্মীয় গোড়ামীৰ প্ৰতীক হিজাব। স্বাধীনতা বিচাৰি নিজৰ চুলি কাটি পেলাবলৈও কুন্ঠাবোধ কৰা নাই ইৰাণৰ প্ৰগতিশীল নাৰীয়ে। অন্য অৰ্থত নাৰীয়ে খোদ ইছলামিক ৰাষ্ট্ৰতে আৰম্ভ কৰিছে ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে অঘোষিত যুদ্ধ।