Local, Vocal, Global

ইতিহাস হ’ল লকডাউন,আৰু কোনোপধ্যেই দেশত নহয় লকডাউন

ইতিহাস হ’ল লকডাউন। আৰু আপুনি হয়তো নাপাব লকডাউন। Unlock-4 সন্দৰ্ভত কেন্দীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিলে নতুন নিৰ্দেশাৱলী।

কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল লকডাউন। ২৩ মাৰ্চৰ নিশা ৮ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি ঘোষণা কৰিছিল ২১ দিনীয়া লকডাউন। ক’ৰনা সংক্ৰমণ বৃদ্ধিৰ লগে লগে দেশত বৃদ্ধি পাইছিল লকডাউন। লকডাউন 1.0, লকডাউন 2.0, লকডাউন 3.0, লকডাউন 4.0 পৰ্যায়ৰে দেশত কাৰ্যকৰী হৈছিল ৪টা পৰ্যায়ৰ লকডাউন। কিন্তু দেশে কৰ’নাৰ সৈতে মোকাবিলা কৰি জনতাৰ অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি শিথিল কৰিছিল লকডাউন আৰু ইয়াৰ পৰিৱৰ্তে সমগ্ৰ দেশত কাৰ্যকৰী কৰিছিল UNLOCK-ৰ। কালক্ৰমত পৰ্যায়ক্ৰমে কেন্দ্ৰীয় চৰকাৰে যঠেষ্ট শিথিলতা আনিলে UNLOCK-ৰ ক্ষেত্ৰত। UNLOCK-1.0, UNLOCK-2.0, UNLOCK-3.0 পৰ্যায়ত ১ ছেপ্তম্বৰৰ পৰাই সমগ্ৰ দেশত ঘোষণা কৰিলে UNLOCK-4.0 ৰ।

UNLOCK-4.0 ঘোষণাৰে কেন্দ্ৰীয় চৰকাৰে একপ্ৰকাৰৰ সকলো ক্ষেত্ৰতে অধিক শিথিলতা প্ৰদান কৰিছে।

নতুন নিৰ্দেশনা মৰ্মে কন্টেইনমেন্ট জ’নৰ বাহিৰত কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে ঘোষণা কৰিব নোৱাৰে লকডাউন। UNLOCK-ত শিথিলতা প্ৰদানৰ লগে লগে সমগ্ৰ দেশবাসীৰ অন্ত পৰিল বন্দীত্ব জীৱন।মুকলি আকাশৰ তলত মানৱ জীৱনে পুনৰ উপভোগ কৰিব পাৰিব নিজৰ স্বাভাৱিক জীৱন।