Local, Vocal, Global

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২,৪২৭ গৰাকী। নতুনকৈ আক্ৰান্ত সকলৰ ৪৫৯ গৰাকী কামৰূপ মহানগৰৰ, ১৩৬ গৰাকী যোৰহাটৰ, ১৭৭ গৰাকী ডিব্ৰুগড়ৰ, ১৫৮ গৰাকী কাছাৰৰ। শনিবাৰৰ দিনটোত  মৃত্যু হয় ৩গৰাকীৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১,০৩,৭৯৪ গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভটিছে ৮২,৫১০ গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২০,৯৯২গৰাকী। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৮৯ গৰাকী লোকৰ।

বিগত ২৪ ঘন্টাত ৩৬,৮৩৯ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰিছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টা আক্ৰান্ত লোক হাৰ ৬.৫৮ শতাংশ।