Local, Vocal, Global

তৰুণ চন্দ্ৰ পামেগাম দেৱৰ আজি ৩২ সংখ্যক স্মৃতি দিৱস

অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ সেতু গঢ়োতা কবি-সাহিত্যিক,গীতিকাৰ,নাট্যকাৰ, অভিনেতা,সমাজ সংস্কাৰক প্ৰয়াত তৰুণ চন্দ্ৰ পামেগাম দেৱৰ আজি ৩২ সংখ্যক স্মৃতি দিৱস সমগ্ৰ অসমৰ লগতে আজি মিছিং আগম কেবাঙ,ৰৃকং মাজুলী আগম অপেঃই মাজুলী জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে।ক’ভিড-১৯ ৰ পৰিপেক্ষিতত অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটিত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেই স্মৃতি তৰ্পন আৰু মাল্যাৰ্পন কাৰ্যসূচীৰে আৰম্ভ কৰে। অনুষ্ঠানটিত মহান ব্যক্তিগৰাকীৰ জীৱন-কৰ্মৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।মিছিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত মিলি,অতিৰিক্ত উপায়ুক্ত তথা প্ৰতিষ্ঠিত কবি উৎপল দলে,ৰঞ্জিৎ দলে,ত্ৰৈলোক্য পামেগাম,সত্যেন্দ্ৰ পামেগামৰ লগতে অন্যান্য ব্যক্তিয়ে আলোচনাত ভাগ লয়।

মণিকাঞ্চন সংযোগ কালৰে পৰা অসমীয়া কাব্য সাহিত্যৰ ভেটি সুদৃঢ় কৰি থৈ যোৱা এইগৰাকী পুৰুধা সাহিত্য কাণ্ডাৰীয়ে মাজুলীৰ এটি পিছপৰা ঠাইৰ পৰাই কবিতা,নাটক,প্ৰৱন্ধ,উপন্যাস, চুটি গল্প, মিচিং লৌকিক গীত, মিচিং আধুনিক গীত আদি সৃষ্টিৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনত এটি নিমজ বাট কাটি থৈ গৈছে।তেখেতৰ বৰ্ণাঢ্য ৰচনা সম্ভাৰ আৱাহন, জয়ন্তী, দৈনিক অসম, প্ৰকাশ আদি ভিন্ন আলোচনীত প্ৰকাশ পাইছিল। সেঁতু,ফেঁহুজালি,সমান্তৰাল,চোৰ,পৰাচিত খদমদম, ফৰমূলা, সংকল্প আদি অনাতাঁৰ নাটক ৰচনা কৰা তেখেতৰ কেইখনমান পূৰ্ণাংগ জনপ্ৰিয় নাটক হ’ল পপীয়া তৰা, নুৰজাহান, চান্দসদাগৰ ইত্যাদি।মহান সাহিত্যিক গৰাকীৰ স্বৰচিত কথা-সুৰ সংযোজিত বহুতো মিচিং গীত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত বিভিন্ন শিল্পীৰ কণ্ঠেৰে বাণীৱদ্ধ কৰোৱাৰ লগতে কেইবাটিও গীতত তেখেতে নিজে কণ্ঠদানো কৰিছিল।