UGCয়ে নাকচ কৰিলে ২৪ খনকৈ ভুৱা বিশ্ববিদ্যালয়
University Grants Commission চমুকৈ UGC এ নাকচ কৰিলে ২৪ খন বিশ্ববিদ্যালয়ৰ স্বীকৃতি। ইয়াৰে প্ৰায় সংখ্যক বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশ আৰু দিল্লীত আছে। মহাৰাষ্ট্ৰ আৰু পণ্ডিচেৰীতোএকাধিক ভুৱা বিশ্ববিদ্যালয় চলি আছিল ।
UGC ৰ সম্পাদক ৰাজনীশ জৈন এনে ধৰণৰ বিশ্ববিদ্যালয়সমুহৰ পৰা সাৱধান হোৱাৰ আহ্বান জনাই কয়- আমি ছাত্র ছাত্ৰীৰ লগতে সকলোকে জনাব বিচাৰিছোঁ যে ভাৰতত প্ৰায় ২৪ খন নিজভাৱে গঢ়ি তোলা ভুৱা বিশ্ববিদ্যালয় আছে। যাক UGC আইন ৰ অধীনত ভুৱা বুলি গণ্য কৰা হৈছে। যি সমূহ বিশ্ববিদ্যালয়ে কোনো ধৰণৰ ডিগ্ৰী দিবই নোৱাৰে। ইয়াৰে ৮ খন বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশত,৭ খন দিল্লীত,২খন উৰিশাত,২খন পশ্চিম বংগ আছে। মহাৰাষ্ট্ৰ,পণ্ডিচেৰী,কৰ্ণাটকতো আছে এনে ধৰণৰ ভুৱা বিশ্ববিদ্যালয়।