আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষাৰ্থীক ধৰ্ষণ বিষয়াৰ
ৰাজ্যত এছ আই কেলেংকাৰীয়ে অসম আৰক্ষীক কলংকিত কৰাৰ পিছত এইবাৰ আৰক্ষী নগৰী দেৰগাঁৱত সংঘটিত হৈছে এক ধৰ্ষণৰ ঘটনা। অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰা ব্যক্তিসকলক য’ত আৰক্ষীৰ আদিপাঠ দিয়া হয় সেই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়তে জ্যেষ্ঠ বিষয়াৰ হাতত বলাৎকাৰৰ বলি মহিলা প্ৰশিক্ষাৰ্থী৷ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এগৰাকী মহিলা প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ বিষয়া (CDI)ই ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। স্বয়ং আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰতে এগৰাকী বিবাহিত প্ৰশিক্ষাৰ্থীক উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই ধৰ্ষণ কৰাৰ অভিযোগে আৰক্ষী নগৰীৰূপে পৰিচিত দেৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে, দেৰগাঁৱৰ APTCৰ CDI বচন সিঙে ২ অক্টোৱৰৰ পুৱা প্ৰায় ৭ মান বজাত প্ৰশিক্ষাৰ্থীগৰাকীক তেখেতৰ কাৰ্যালয়লৈ মাতি নি কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে৷ ফলত প্ৰশিক্ষাৰ্থীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ছুটী দি গুৱাহাটীৰ ঘৰলৈ পঠিয়াই দিয়ে। স্বগৃহত উপস্থিত হৈ মহিলা প্ৰশিক্ষাৰ্থীগৰাকীয়ে স্বামীক সকলো বিৱৰি কোৱাত গুৱাহাটীত স্বাস্ব্য পৰীক্ষা কৰোৱা হয়৷ লগতে অভিযোগ দিয়ে গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াক৷ শেহতীয়াকৈ নিৰ্যাতিতা আৰু স্বামীয় দেৰগাও আৰক্ষী থানা আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। ইতিমধ্যে নিৰ্যাতিতাই আদালতত তেওঁৰ বক্তব্য প্ৰদান কৰিছে আৰু তাৰ পিছতে দেৰগাঁও আৰক্ষীয়ে অভিযুক্ত বিষয়া বচন সিঙক তদন্তৰ বাবে থানালৈ মাতি আনি সোধা-পোছা অব্যাহত ৰাখিছে। দেৰগাঁও থানাত অভিযুক্ত জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ২১৩/২০২০ নম্বৰত এক গোচৰ ৰজু কৰা হৈছে।