Local, Vocal, Global

ভূটানত নামিল গুৱাহাটীমুখী হেলিকপ্টাৰ

গুৱাহাটী অভিমুখে অহা এখন যাত্ৰীবাহী হেলিকপ্টাৰ সোমবাৰে যান্ত্ৰিক বিজুতিৰ বাবে ভূটানত অৱতৰণ কৰে।ব্যক্তিগত বিমান পৰিবহন সংস্থা স্কাইৱান এয়াৰৱেজৰ হেলিকপ্টাৰখন আহিছিল অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা। ভূটানৰ ৰাজধানী থিম্ফুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ পৰা বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কন্ট্ৰ’লৰ সহায়ত হেলিকপ্টাৰখনে নাঙলামত অৱতৰণ কৰিবলৈ সক্ষম হয়৷ বিমান সেৱা সংস্থাটোৰ মতে কাৰিকৰী বিজুতিৰ বাবেই হেলিকপ্টাৰখন আকাশী পথৰ পৰা বিচ্যুত হয় আৰু ভূটানৰ এলেকাত অৱতৰণ কৰিব লগীয়া হয়। গুৱাহাটী অভিমুখে অহা যাত্ৰীকেইজনক ধৰি হেলিকপ্টাৰখনৰ সকলো আৰোহীয়ে পিছত নিৰাপদে গন্তব্য স্থানত উপস্থিত হয়।