Local, Vocal, Global

আলফাৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাক লৈ অনা সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

দৃষ্টি ৰাজখোৱাক লৈ অনা নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। মেঘালয়ৰ পাহাৰৰ পৰা বাগৰিল স্ক’ৰপিঅ’ বাহন খন। দাওমৰা নামৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা । কুঁৱলীৰ বাবে সেনা-বিষয়া সহ বাহনখন ৪৫ ফুট তলত বাগৰি পৰে। দুৰ্ঘটনাটোত কোনো ব্যক্তি হতাহত হোৱা নাই। আজি দৃষ্টি ৰাজখোৱা অসম পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মেঘালয়ত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে আলফাৰ উপ-মুখ্য সেনাধ্যক্ষ গৰাকীয়ে। আনহাতে দৃষ্টি ৰাজখোৱা সহ আন ৪ আলফা সদস্যই আত্মসম্পৰ্ণ কৰিছে।