Local, Vocal, Global

অসম আৰক্ষীৰ জিম্মাত আলফা নেতা দৃষ্টি ৰাজখোৱা

বাংলাদেশত আত্মসমৰ্পণ আলফা স্বাধীনৰ দৃষ্টি ৰাজখোৱাৰ। বাংলাদেশৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিছিল আলফা নেতাজনে। মেঘালয়ৰ বাংলাদেশ সীমান্তত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ হাতত আত্মসমৰ্পণ। দৃষ্টি ৰাজখোৱাৰ লগতে আত্মসমৰ্পণ কৰে আন চাৰিজন সতীৰ্থ হ’ল ৰূপজ্যোতি ৰাভা, য়াছিন আলী,ৰাহুল হাজৰিকা,আৰু বাবুল ৰাভা । তেওঁলোকৰ পৰা জব্দ কৰে এটা AK-81, দুটা 9 mm পিষ্টল,  AK-81ৰ গুলী ৯০ জাঁই, 9 mm পিষ্টল গুলী ৯ জাঁই আৰু .32 পিষ্টল ৮ জাঁই গুলী। গুৱাহাটীলৈ আনি থকা হৈছে আলফাৰ উপ-মুখ্য সেনাধক্ষ জনক।