মুখ্যমন্ত্ৰীৰ পদবী এৰিবলৈ সাজু Uddhav Thackeray
নিউজ ডেস্ক, ২২ জুন : ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যবাসীক সম্বোধন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰৰ। Feacebook লাইভৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰি ঠাকৰে জানিব দিয়ে যে বিৰোধীয়ে অভিযোগ কৰাৰ দৰে হিন্দুত্বক কেতিয়াও বিসৰ্জন দিয়া নাই।
আৰু তেওঁ কয় যে তেওঁ যিকোনো মুহূৰ্ততে মুখ্যমন্ত্ৰীৰ পদবী এৰিবলৈ সাজু আছে।
তেওঁ লগতে কয় যে- “যদি শিৱসেনাৰ কোনো নেতা-কৰ্মী মুখ্যমন্ত্ৰী হ’ব পাৰে তাত তেওঁ বেছি সুখী হ’ব। চৰকাৰ গঠনৰ বাবে যিমান সংখ্যক বিধায়কৰ প্ৰয়োজন, সেই বিধায়কৰ সংখ্যা কোনে, কেনেকৈ আহৰণ কৰিছে সেয়াহে গুৰুত্বপূৰ্ণ।”
তেওঁ কয় আবেগিক ভাৱে কয় যে,মুখ্যমন্ত্ৰী ৰূপে তেওঁ সঠিক ভাৱে দায়িত্ব আৰু কৰ্তব্য পালন কৰি গৈছিল। যদি কোনোবাই তেওঁক লৈ সুখী নাছিল তেনে তেওঁক মুখামুখিকৈ ক’ব লাগিছিল।