Local, Vocal, Global

চুৰৰ চুৰি কৰাৰ নতুন কৌশল

নিউজ ডেস্ক, ২২ জুন : ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে চুৰি কাৰ্য্য। প্ৰতিদিনে চুৰৰ চুৰি কৰাৰ ন ন কৌশল ।

এইবাৰ বিলাসী বাহনত গৰু নহয়, এইবাৰ বিলাসী বাহনত ছাগলী।

আজি নাজিৰাৰ মেকিপুৰত বিলাসী বাহনত ছাগলী লৈ আহা দুটাকৈ ছাগলী চোৰ ৰাইজৰ ৰোষত পৰিল ।

মেকিপুৰৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি সোধপোচ কৰাত ওলাই পৰে উৰহি গছৰ ওৰ। দুটাকৈ চোৰে বিলাসী বাহনত ছাগলী চুৰ কৰি নিছিল।

ধৃত ছাগলী চোৰ দুটা নাৱাজ আহমেদ আৰু বাবু লাইক বুলি চিনাক্ত কৰা হৈছে।

পৰৱৰ্তী সময়ত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধৃত নাৱাজ আহমেদ আৰু বাবু লাইক নামৰ চোৰ দুটাক আটক কৰে।