Local, Vocal, Global

নটসূৰ্য্য ফণী শৰ্মা বঁটাপ্ৰাপক অভিনেতা উদয় শংকৰ শইকীয়াৰ দেহাৱসান

নটসূৰ্য্য ফণী শৰ্মা বঁটাপ্ৰাপক অভিনেতা, পৰিচালক, নাট্যকাৰ উদয় শংকৰ শইকীয়াৰ ৰবিবাৰে দেহাৱসান ঘটে।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ, নটসূৰ্য্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীকে আদি কৰি অসমৰ বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে শৈশৱৰ পৰা নাট্য চৰ্চাত ব্ৰতী হোৱা উদয় শংকৰ শইকীয়াই ১৯৫৬ চনত ৯ বছৰ বয়সত ‘একলব্য’ চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ পাতনি মেলি মৃত্যু পৰ্যন্ত পোন্ধৰখন চলচিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ সেইকেইখন ক্ৰমে,

(১) অভিযান
(২) কাঁচঘৰ
(৩) দূৰণিৰ ৰং
(৪) উপপথ
(৫) সোণমইনা
(৬) ব’হাগৰ দুপৰীয়া
(৭) সৰৱজান
(৮) উত্তৰকাল
(৯) জলাঞ্জলি
(১০) ভাই-ভাই
(১১) যুগান্তৰৰ তেজাল পুৱা
(১২) অতিক্ৰম
(১৩) দাগ
(১৪) গুণ গুণ গানে গানে
(১৫) স্নেহ-বন্ধন

তেখেতে ৰূপসজ্জা কৰা চলচিত্ৰসমূহ :

(১) সোণমইনা
(২) সৰৱজান
(৩) উত্তৰকাল।

চৈধ্যখন দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে

(১) জীৱনৰ বাটত(অসমৰ প্রথম ধাৰাবাহিক)-‘দালাল’ খণ্ডত
(২) মলক গুইন গুইন-‘দুই বুধিয়ক’ খণ্ডত
(৩) দেউতা
(৪) দলঙৰ সিটো পাৰ নাই
(৫) কালক্ষণ
(৬) অৱৰোধ
(৭) চক্ৰবেহু
(৮) আদালত
(৯) আধৰুৱা ছবি
(১০) সহধৰ্ম্মিনী
(১১) দুয়ে দুয়ে তিনি
(১২) দেৱতা(হিন্দী)
(১৩) মোহৰ(হিন্দী)
(১৪) আশীৰ্ব্বাদ কী ৰং(হিন্দী)

তেখেতে ৰচনা কৰা ১৩খন নাটক ক্ৰমে

(১) চেতনা
(২) চোবোৱা তামোলৰ দাগ
(৩) আমাক পোহৰ লাগে
(৪) মানুহ অমানুহ
(৫) চেনাই এক্সপিডায়েট
(৬) পাকচক্ৰ
(৭) আহ আহ ওলাই আহ সজাগ জনতা
(৮) সংকল্প লওঁ(৪ মিনিটৰ,দূৰদৰ্শনৰ বাবে)
(৯) প্রতিজ্ঞা(২ মিনিটৰ,দূৰদৰ্শনৰ ধূমপান নিবাৰণৰ বাবে)
(১০) দেওঁ
(১১) অপাৰেশ্যন নাইন জিৰ’ নাইন
(১২) অ’ ৰাইজ কাবৌ কৰিছোঁ
(১৩) বাজী