পঞ্চভূতত বিলীন উদিয়মান চিকিৎসক ৰাহুল বসুমতাৰী

আজি ওদালগুৰিত শেষকৃত সম্পন্ন হয় উদিয়মান চিকিৎসক ৰাহুল বসুমতাৰীৰ। সম্পূৰ্ন ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয় এই কাৰ্যসূচী। উল্লেখ্য যে যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে যোৰহাটৰ চন্দন নগৰৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল ৰাহুলৰ মৃতদেহ। আৰু ২৪ ঘন্টাৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল অপৰাধী দিগন্ত তাঁতীক।