Local, Vocal, Global

অৰুণাচল প্ৰদেশত অব্যাহত উগ্ৰপন্থী বিৰোধী অভিযান

অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। দেওবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও আৰক্ষী থানাৰ অন্তৰ্গত এমপেনত 14 নং ৰাজপুত ৰেজিমেণ্ট, 171 নং CRPF আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে দুজনকৈ কুখ্যাত উগ্ৰপন্থী সদস্য। সদস্য কেইজনৰ নাম ক্ৰমে ৱাংমন খিমহোন, ৰঞ্জন চাকমা আৰু কমল চাকমা বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে এই আটাইকেইজন উগ্ৰপন্থী সদস্যক বিচাৰি প্ৰশাসনে প্ৰায় ৬ দিন ধৰি অভিযান চলাই অৱশেষত অস্ত্ৰ শস্ত্ৰসহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে উক্ত উগ্ৰপন্থী সদস্য কেইজনে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশ মেও অঞ্চলত NSCN(k) নামত ধন দাবী কৰি আহিছিল। উক্ত সদস্য কেইজনক পৰা আটক কৰা সময়ত M 22 দুটা, মেগজিন 9 টা, 239 জাই সজীৱ গুলি, এটা চাইনীজ গ্ৰেণেড, এটা ৱাৰলেছ ছেট উদ্ধাৰ কৰা হৈছে।