Local, Vocal, Global

ওদালগুৰি জিলা কাৰাগাৰত মৃত্যু কয়দী

ওদালগুৰি জিলা কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । কাৰাগাৰত ভিতৰতে  মৃত্যু হয় সঞ্জয় বড়ো নামৰ এজন কয়দীৰ । বুধবাৰে নিশা প্ৰায় ৮ মান বজাত কাৰাগাৰত মৃত্যু ঘটে কয়দী সঞ্জয় বড়োৰ ।  চিকিৎসাৰ বাবে ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে সঞ্জয় বড়োক । হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা জানিবলৈ দিয়ে চিকিৎসকে । পিতৃ হত্যাৰ অভিযোগত অভিযুক্ত হৈ জানুৱাৰী মাহৰ পৰা কাৰাবাস খাতি আছিল লোকজনে ।