Local, Vocal, Global

ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ৰাজ্যজুৰি চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  ৰাজ্যজুৰি ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । গোলাঘাট জিলা ছাত্র সন্থাৰ কাৰ্যালয় সন্মুখত নতুন ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি দাহ কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী  ।

 

ধেমাজি জিলা বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাও বৰদলনি সদৰ মাজমজিয়াত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰে উদ্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাবস্ত কৰে ।

লখিমপুৰ জিলা ছাত্ৰ সন্থাও লখিমপুৰ নগৰৰ মাজ মজিয়াত ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

 

ওদালগুৰিটো অসম চৰকাৰৰ ভূমিনীতি সম্পৰ্কীয় কেবিনটৰ সিদ্ধান্তৰ বিৰুদ্ধে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী লগতে দাহ কৰে নতুন ভূমি নীতিৰ প্ৰতিলিপি।

 

কামৰূপৰ ডিমুত আছুৰ উত্তাল প্ৰতিবাদ । অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা ভূমি নীতি বাতলিৰ দাবীত ডিমুৰ ৰাজপথত ডিমু আঞ্চলিক ছাত্র সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

 

ৰাজ্য চৰকাৰ খিলঞ্জীয়া বিৰোধী ভূমি সম্পকীয় অধিসূচনা কেবিনেটৰ সিদ্ধান্তৰ বিৰুধীতাৰে সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে মৰিগাঁও সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজ মজিয়াত প্ৰতিলিপি দাহ কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কেন্দুকোনাটো পুঠিমাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।