Local, Vocal, Global

ঘৰত পোহনীয়া কুকুৰ আছে যদি তেন্তে সাৱধান হওক !

পোহনীয়া কুকুৰক মানুহে অত্যন্ত বিশ্বাসী বুলি কয় । পোহনীয়া কুকুৰৰ পৰা মালিকৰ লগতে তেওঁলোকৰ শিশুৰ বাবে সুৰক্ষিত বুলি ধৰি লোৱা হয়। কিন্তু পোহনীয়া কুকুৰে কাল হ’ল এটা পৰিয়ালৰ বাবে । কিন্তু শেহতীয়াকৈ ব্ৰাজিলৰ বাহিয়া চহৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । মালিকৰ নৱজাত যমজ সন্তানক হত্যা কৰিলে দুটা পোহনীয়া কুকুৰে।

দ্য ছান’ সংবাদ পত্ৰত প্ৰকাশ পোৱা অনুসৰি ব্ৰাজিলৰ বাহিয়া চহৰত ২৩ জুনত জন্ম হৈছিল  এনা আৰু অনালুৰ নামে যমজ ভগ্নীদ্বয় । শিশু দুটিৰ মাতৃ এলেনা নভাইছৰ মতে শিশু দুটিৰ জন্মৰ পিছৰে পৰা তেওঁলোকৰ পোহনীয়া আমেৰিকান ফক্সহাউণ্ড প্ৰজাতিৰ কুকুৰটোৰ আচৰণ কিছু পৰিৱৰ্তন হয় । কুকুৰটোৰ সলনি শিশুদুটিক মৰম কৰা বা কোলাত লোৱাক লৈ কুকুৰটোৱে জেদ কৰিছিল। আৰম্ভণিতে এলেনাৰ এয়া সাধাৰণ কথা যেন লাগিছিল । কিন্তু এদিন দুয়োটি শিশুক বেডৰুমত থৈ ঘৰৰ কামত ব্যস্ত হৈ থাকোতে শিশু দুটিৰ কান্দোন শুনিবলৈ পায় এলেনাই। এলেনা আহি বেডৰুম পোৱালৈ কুকুৰটোৱে দুয়োটি শিশুক আঘাতপ্ৰাপ্ত কৰে।

চিকিৎসকৰ মতে, ঘটনাস্থলীতে শিশু দুটিৰ মৃত্যু হৈছিল । এটি শিশুৰ পেট সম্পূৰ্ণৰূপে ফালি পেলাৱাৰ বাবে  বচাব পৰা নগ’ল। লগতে আনটি শিশুৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে । আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ঘৰৰ আনটো কুকুৰে শিশু দুটিক আক্ৰমণ কৰা নাছিল আৰু বচাবলৈ চেষ্টাও কৰিছিল।