Local, Vocal, Global

ওদালগুৰি আৰক্ষীৰ দুটাকৈ সফল অভিযান, জব্দ বন্দুকসহ বহু বিস্ফোৰক

ওদালগুৰি আৰক্ষীৰ দুটাকৈ অভিযানত জব্দ হৈছে ৰিভলভাৰ, বন্দুকসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক ৷ ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত শনিৱাৰে নিশা চলোৱা হৈছিল এই সফল অভিযান দুটা ৷ প্ৰথমটো অভিযান চলে শিঙৰীঝৰা নামৰ এখন গাঁৱত ৷ এই অভিযানকালত এটা M-20 পিষ্টলসহ মেগজিন, ৮ ৰাউণ্ড সজীৱ গুলী, এটা নাইন এম এম পিষ্টল, মেগজিন আৰু কিছু বিস্ফোৰক পদাৰ্থ জব্দ হয় ৷ ইয়াৰ পিছতে চলে জিলাখনত আৰক্ষীৰ আন এক অভিযান৷ এই অভিযানকালত হৰিশিঙা থানাৰ অন্তৰ্গত আমজুলি নামৰ গাঁওখনত আৰক্ষীৰ দলটোৱে জব্দ কৰে আন কেতবোৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক৷ এইসমূহৰ ভিতৰত দুটা একে ৫৬ ৰাইফল, মেগজিন আৰু বিস্ফোৰক তথা গুলী জব্দ কৰিবলৈ সক্ষম হয় ৷ নিশা ১২ বজাৰ পৰা পুৱা ৪ বজালৈ চলিছিল এই অভিযান ৷ এই অস্ত্ৰ-শস্ত্ৰসমূহ মাটিৰ তলত লুকুৰাই ৰখা হৈছিল ৷