Local, Vocal, Global

উদয়পুৰে কৰিলে ভাগ্য উদয়, শচীন হ’ব মুখ্যমন্ত্ৰী

নতুন দিল্লীঃ ভাৰত জোড়ো যাত্ৰাত ব্যস্ত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি ‘এক ব্যক্ত, এক পদ’ক সমৰ্থন জনাই। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিলে মুখ্যমন্ত্ৰী পদ এৰিব লাগিব৷ গেহলটে দ্বৈত ভূমিকা পালন কৰি দুটা পদ নাপাব। ইয়াৰ লগে লগে শচীন পাইলটৰ পথ প্ৰশস্ত হৈ পৰিব৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শচীন পাইলটক বাধা দিবলৈ যথাসাধ্য চেষ্টা কৰিছে। ২০২০ চনত শচীনে গেহলটৰ চৰকাৰ ভংগ কৰিবলৈ চেষ্টা কৰাৰ পিছত উপ-মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিছিল৷ কিন্তু ৰাহুল গান্ধীয়ে এক ব্যক্তি এক পদৰ সমৰ্থন কৰাৰ পিছত এতিয়া গেহলটৰ ওচৰত কোনো বিকল্প নাই বুলি চৰ্চা হৈছে।

ৰাহুল গান্ধীয়ে কয় যে আমি উদয়পুৰত এটা প্ৰতিশ্ৰুতি দিছিলো৷ আশা কৰোঁ আমি সেই প্ৰতিশ্ৰুতি পালন কৰিম। ৰাহুল গান্ধীৰ ইংগিতৰ পিছত অশোক গেহলটে তেওঁৰ পদৰ পৰা আঁতৰি যাবলৈ মন স্থিৰ কৰিব পাৰে। অশোক গেহলটক সভাপতি পদৰ বাবে গান্ধী পৰিয়ালৰ প্ৰথম পছন্দ বুলি কোৱা হয়। কিন্তু যদি তেওঁ নিৰ্বাচিত হয়, তেন্তে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগিব।

যদি অশোক গেহলটে মুখ্যমন্ত্ৰীৰ চকী এৰে তেন্তে এনে শচীন পাইলট মুখ্যমন্ত্ৰী হ’ব পাৰিব। শচীন পাইলটে কালি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে এটা দিন অতিবাহিত কৰিছিল। অশোক গেহলটে কৈছিল যে এই পদৰ বাবে মনোনয়ন দাখিল কৰাৰ আগতে মই শেষবাৰ চেষ্টা কৰিম যে ৰাহুল গান্ধী সভাপতি হ’বলৈ সাজু হওক।

সভাপতি পদৰ নিৰ্বাচন অহা মাহত অনুষ্ঠিত হ’ব। যোৱাকালি অশোক গেহলটে ছোনিয়া গান্ধীকো সাক্ষাৎ কৰে৷ ৰাহুল গান্ধীয়ে ইতিমধ্যে অস্বীকাৰ কৰিছে যে সভাপতি পদৰ বাবে সাজু নহয়৷