Local, Vocal, Global

অসমত ৪০ হাজাৰকৈ বিক্ৰী হয় একোটা নাইন এম.এম পিষ্টল

নিউজ ডেস্ক : যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকাত এতিয়া সহজতে পোৱা যায় পিষ্টল৷ বৃহৎ ধনৰ বিনিময়ত পিষ্টল বিক্ৰী হয় যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকা মৰিয়নিত৷ আজি আবেলি পিষ্টল বিক্ৰী কৰিবলৈ অহা দুজন নগালেণ্ডলৰ লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে৷ তিনিচুকীয়া লেখাপানীস্থিত অসম ৰাইফলচৰ এটা সেনাৰ মৰিয়নি আৰক্ষীৰ সহযোগত মৰিয়নি নগৰৰ আদিয়ানু হোটেলৰ পৰা আটক কৰে লোক দুজনক।

add3

নগালেণ্ডৰ মোককচাং জিলাৰ মানেন অও আৰু লানু বাপাংৰ পৰা এটা নাইন এম.এম পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়। মৰিয়নিলৈ পিষ্টল বিক্ৰী কৰিবলৈ আহিছিল। শিৱসাগৰ জিলাৰ আমগুৰিৰ কোনো লোকক ৪০ হাজাৰ টকাত পিষ্টলটো বিক্ৰী কৰিবলৈ আহোতে আছাম ৰাইফলছৰ জালত পৰে নগালোক দুজন।