Local, Vocal, Global

খেলি থকা অৱস্থাতে খালত পৰি ডেৰ বছৰীয়া ৰছুলৰ মৃত্যু

নিউজ ডেস্ক : বিলাসীপাৰাত সংঘটিত হৈছে শোকাৱহ ঘটনা। দ’ খাৱৈত পৰি বিলাসীপাৰাৰ ৮নং ৱাৰ্ডৰ হাকামা তৃতীয় খণ্ড গাঁৱ ছমেৰ উদ্দিনৰ ডেৰবছৰীয়া পুত্ৰ ৰছুল সেখৰ মৃত্যু হৈছে।

add3

ঘটনাস্থলীত দণ্ডাধীশ, বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত বিৰাজ কৰিছে শোঁকৰ ছাঁ।