Local, Vocal, Global

SCERT Scam : ১০৫কোটিটকীয়া কেলেংকাৰী,গ্ৰেপ্তাৰ RTI কৰ্মী

গুৱাহাটী, ৩ জুন’ : SCERT কেলেংকাৰী সন্দৰ্ভত পোহৰলৈ আহিছে আন এক নতুন তথ্য।আজি পুনৰ তলব CM ভিজিলেন্সৰ(Chief Ministers Special Vigilance Cell)। SCERT কেলেংকাৰিৰে জড়িত থকা দুজনক গ্ৰেপ্তাৰ ।গ্ৰেপ্তাৰ অভিযুক্ত বেনিন দলে আৰু ৰাজীৱ কাকতিক CM ভিজিলেন্সৰ। ২১ জনলৈ বৃদ্ধি SCERT কেলেংকাৰিত গ্ৰেপ্তাৰ সংখ্যা । ১০৫ কোটি টকাৰ সৈতে জড়িত অসমত SCERT (State Council of Educational Research and Training)ৰ জালিয়াতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স গ্ৰেপ্তাৰ কৰে অতিৰিক্ত দুজন RTI কৰ্মীক।

SCERTৰ ১০৫কোটি টকীয়া কেলেংকাৰীত পুনৰ দুজনক গ্রেপ্তাৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ(fraud in which involved 105 crore rupees)। শনিবাৰে গ্ৰেপ্তাৰ হয় আৰ টি আই কৰ্মী বেনিন দলে, ৰাজীৱ কাকতি। অভিযোগ অনুসৰি বেনিন দলেয়ে ৫ লাখ টকা লৈছিল শেৱালি দেৱী শৰ্মাৰ পৰা আৰু ৰাজীৱ কাকতিয়ে লৈছিল ৭ লাখ টকা।

এই গোচৰৰ সন্দৰ্ভত এই পৰ্যন্ত ২১ জন ব্যক্তিক আটক কৰিছে CM ভিজিলেন্সয়ে(21 persons have been detained thus far in connection)। ইয়াৰে ১১ জন লোকক ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু আন দহজনক জেৰা অব্যাহত ৰাখিছে CM ভিজিলেন্সৰয়ে ।
১০৫ কোটি টকাৰ সৈতে জড়িত অসমত SCERT (State Council of Educational Research and Training)ৰ জালিয়াতিৰ সন্দৰ্ভত দহজনক জেৰা CM ভিজিলেন্সৰ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল বহু আৰ টি আই কৰ্মীৰ লগতে সাংবাদিকৰ নাম। এই কেলেংকাৰী লগত জড়িত দুগৰাকী সাংবাদিকৰ লগতে গ্ৰেপ্তাৰ হৈছে ৰাজনৈতিক নেতাও।

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই কেলেংকাৰীত প্ৰায় ১২ গৰাকীকৈ সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত হৈ আছে। যি কেইজন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ একাউন্টত টকা চৰকাৰৰ একাউন্টৰ পৰা ট্ৰান্সফাৰ হৈছিল। আই এ এছ বিষয়া শেৱালী দেৱীয়ে কন্য়া, জোঁৱাইৰ সৈতে লগ-লাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল।

পলায়ন কৰি থকা শেৱালী দেৱীক পৰৱৰ্তী সময়ত ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল জোঁৱায়েকসহ আন দুজনকো। গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো। শেৱালী দেৱীৰ জেৰাতে পোহৰলৈ আহে কেলেংকাৰীৰ সন্দৰ্ভত নন তথ্য।শেৱালী দেৱীৰ জেৰাত শেৱালী দেৱীয়ে কয় যে,কেনেদৰে শেৱালী দেৱীক ব্লেকমেইল ধন আদায় কৰিছিল সাংবাদিক আৰু আৰ টি আই কৰ্মী কেইগৰাকীয়ে।

লগতে পঢ়ক : Amarnath Yatra 2023: ১ জুলাইৰ পৰা আৰম্ভ হ’ব এইবৰ্ষৰ অমৰনাথ যাত্ৰা