Local, Vocal, Global

Odisha train accident : নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক

নেশ্যনেল ডেস্ক, ৩ জুন : শুকুৰবাৰে উৰিষ্যাৰ বালাসৰৰ সমীপত চেন্নাই অভিমুখী ক’ৰ’মেণ্ডেল এক্সপ্ৰেছত সংঘটিত হোৱা ভয়াৱহ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে (Coromandel express accident) । জানিব পৰা মতে বৰ্তমানলৈকে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংল্খ্যা প্ৰায় ৩০০জনলৈ বৃদ্ধি পাইছে । আনহাতে প্ৰায় এহেজাৰ লোক চিকিত্‍সাধীন হৈ আছে ।

পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে । পূৰ্ণ শক্তিৰে চলি আছে উদ্ধাৰৰ কাম। সেনাবাহিনীয়ে দুৰ্যোগ সঁহাৰি দলৰ সৈতে উদ্ধাৰ কৰিছে ছিন্নভিন্ন মৃতদেহ ।

উল্লেখ্য যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এগৰাকী ১৮ বছৰীয়া কিশোৰৰ মৃত্যুৰ ঘটনা এতিয়া চৰ্চালৈ আহিছে । নিজৰ পিতৃৰ সৈতে কিশোৰগৰাকী পূৱ বুঢ়ামনৰ কাটৱাৰৰ কাৰুই গাঁৱৰ পৰা মিস্ত্ৰীৰ কাম কৰিবলৈ কেৰালালৈ গৈ আছিল ।

লগতে পঢ়ক : Odisha train accident : ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,বাতিল অসমলৈ অহা ৰে’ল

প্ৰথমবাৰৰ বাবে পিতৃয়ে ১৮ বছৰীয়া পুত্ৰ চোট্টু চৰ্দাৰৰ সৈতে কাম কৰিবলৈ ওলাইছিল । কিন্তু কাম লৈ বুলি গৈ থাকোতেই ঘটিল অভিশপ্ত ঘটনাটো ।

বালাসৰত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ১৮ বছৰীয়া চোট্টু চৰ্দাৰৰ । পিতৃৰ সমুখতেই প্ৰাণ গ’ল উঠি অহা ১৮ বছৰীয়া পুত্ৰৰ । ঘৰৰ পৰা কামলৈ বুলি লৈ যোৱা পুত্ৰক ঘৰলৈ ঘূৰাই আনিব নোৱাৰিলে অসহায় পিতৃয়ে । নিজেই পৰিয়ালক ফোন কৰি পুত্ৰৰ মৃত্যুৰ খবৰ জনালে । আহত পিতৃগৰাকী এতিয়াও চিকিত্‍সাধীন হৈ আছে ।

উল্লেখ্য যে শুকুৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোকসকলক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । মৃতকৰ পৰিয়ালক ১০ লাখ, গুৰুতৰভাৱে আহতসকলক ২ লাখ আৰু কম আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : Odisha train derailed: ওড়িশাৰ বালাশ্বৰত ভয়াৱহ ৰে’ল দুৰ্ঘটনা; অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা