Local, Vocal, Global

Hospital Authorities attacks deceased family : মৃতকৰ পৰিয়ালক প্ৰহাৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ

মঙলদৈ, ৩জুন’ : চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গুণ্ডাগিৰি ।JNSM POLYCLINIC CUM DIAGNOSTIC CENTRE & PARAMEDICAL TRAINING INSTITUTE ত আজৱ ঘটনা ।বাৰে বাৰে বিতৰ্কত সাঙোৰ খাইছে মঙলদৈৰ জে এন এছ এম পলিক্লিনিক নামৰ ব্যক্তিগত চিকিৎসালয়খন।
ৰোগীৰ মৃত্যুত শোকবিহ্বল পৰিয়ালক কন্দা কটা কৰাত প্ৰহাৰ চিকিউৰিটি গাৰ্ডৰ।অশ্লীল গালি গালাজৰ লগতে ভয়ংকৰ মাৰপিটৰ ঘটনা বন্দী কেমেৰাত( Incident Captured On Camera) ।

এইবাৰ দৰঙৰ মঙলদৈত পোহৰলৈ আহিছে মৰেল পুলিচিঙৰ ঘটনা । এগৰাকী ৰোগীৰ মৃত্যুত মৰ্মাহত আত্মীয়ই কন্দাকটা কৰাক লৈ এই নিন্দনীয় ঘটনা । সমগ্ৰ ঘটনা বন্দী কেমেৰাত । চিকিত্সালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুণ্ডাগিৰীৰ অভিযোগ ।

এক অমানৱীয় জঘন্যকাণ্ড । বিভিন্ন সময়ত ৰোগীৰ আত্মীয়ই চিকিৎসাকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে । কিন্তু এইবাৰ এই ঘটনাৰ বিপৰীতে আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । দৰং জিলাৰ মঙ্গলদৈ কৰিম চকত অৱস্থিত JNSM_POLYCLINIC_CUM_DIAGNOSTIC CENTRE & PARAMEDICAL TRAINING INSTITUTE ত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা । মাৰপিটৰ সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত(Incident Was Captured On Camera) । চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ । চিকিৎসালয়খনৰ ছিকিউৰিটি গাৰ্ডে মৃতকৰ আত্মীয়ক অশ্লীল গালি গালাজ পৰাৰ লগত ৰোগীৰ ভাতৃক চৰ ঘোঁচা সোধাইয়ে ক্ষান্ত নাথাকি চিকিত্সালয় চৌহদত ৰচীৰে বান্ধি থয় আত্মীয়ক । অন কেমেৰাত এই ভয়ংকৰ মাৰ-পিটৰ দৃশ্য বন্দী হয়।

দৰং জিলাৰ মঙ্গলদৈ কৰিম চকত অৱস্থিত JNSM_POLYCLINIC_CUM_DIAGNOSTIC CENTRE & PARAMEDICAL TRAINING INSTITUTE ত শণিবাৰে পুৱাৰ ভাগত বৰুৱাঝাৰৰ আছাদুল হকৰ মৃত্যু হয় । ব্যক্তিজনৰ মৃত্যুত মৰ্মাহত মৃতকৰ পৰিয়ালৰ ভাতৃ তথা আত্মীয়। চিকিৎসালয় খনত কান্দি কাটি এক অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি কৰাকলৈ চিকিৎসালয়ৰ সুৰক্ষা কৰ্মী দুজনে মৃতকৰ পৰিয়ালৰ সদস্য সকলক আক্ৰমণ কৰে । দুই সুৰক্ষা গাৰ্ডে মৃতকৰ পৰিয়ালক মিঞা বুলি জাতিক ধৰি অপমাণ কৰাৰ লগতে গুৰুতৰভাৱে প্ৰহাৰ কৰে । যি সময়ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে । তেজ মঙহৰ মানুহ হেৰুৱাই দুখত ভাগি পৰিছে প্ৰতিজন আত্মীয় , তেনে সময়ত এখন চিকিৎসালয়ৰ কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডৰ বাবে গৰিহণাৰ পাত্ৰ হৈছে চিকিৎসালয়খন ।আপোনজনক হেৰুৱাই হিতাহিত জ্ঞান হেৰুৱাৰ উপক্ৰম হোৱা এনে মৃতকৰ পৰিয়ালৰ যদি কিবা ভুল হৈছিল কিন্তু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতে সুৰক্ষা কৰ্মীৰ দ্বায়িত্ব আছিল । তাৰ পৰিৱৰ্তে এনেদৰে প্ৰহাৰ কৰাৰ ঘটনাই সমাজৰ পৰা যে মানৱীয়তাৰ অপমৃত্যু হৈছে তাকেই প্ৰমাণিত কৰিছে । ইয়াৰ পৰিৱৰ্তে আইন হাতত তুলি লৈ মৰেল পুলিচগিৰিৰ অধিকাৰ ক’ত পালে আৰু প্ৰশাসনে এনে ঘটনাৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব ই এক ডাঙৰ প্ৰশ্ন । এতিয়া সকলোৱে একেমুখে এই ঘটনাৰ দুখীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে ।

লগতে পঢ়ক : SCERT Scam : ১০৫কোটিটকীয়া কেলেংকাৰী,গ্ৰেপ্তাৰ RTI কৰ্মী