বিধৱা মহিলাৰ ওপৰত নিৰ্যাতন কৰাৰ অপচেষ্টা এগৰাকী বিবাহিত পূৰুষৰ

বজালীৰ ভবানিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পটা গাঁৱত সমাজত লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে৷
সমাজৰে এগৰাকী বিবাহিত পূৰুষৰ দ্বাৰা বিধৱা মহিলাৰ নিৰ্জাতন কৰাৰ অপচেষ্টা কৰা অভিযোগ এগৰাকী বিধবা মহিলাৰ
বজালীৰ ভৱানিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পটা গাঁও নিবাসী লম্পট ছুমেদ আলীয়ে গাঁৱৰে এগৰাকী অসহায় বিধবা মহিলাৰ নিশা অন্ধকাৰৰ সুযোগ লৈ ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে
গভিৰ নিশা ঘৰৰ ভিতৰত দৰজা ভাঙী প্ৰৱেশ কৰি মহিলাগৰাকীৰ শৰীৰৰ বশ্ৰ খুলি ধৰ্ষণ কৰাৰ অপচেষ্টা চলায় উপায়বাহীন মহিলাগৰাকী চিঞৰ-বাসৰ শুনি মহিলাৰ পুত্ৰ দৌৰি আহি ৰক্ষা কৰিবলৈ চেষ্টা কৰোতে ল’ৰাজনক মাৰধৰ কৰে আৰু তাৰ পাছতেই লম্পট ছুমেদ আলীৰ তিনি ভাতৃ ক্ৰমে ছৈয়দ আলী, বাবু লাল আৰু শুকুৰ আলীয়েও ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই মাৰধৰ কৰে বুলি ভবানিপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে
মহিলাগৰাকীয়ে সংবাদ মাধ্যমত জানিবলৈ দিয়া অনুযায়ী মহিলাগৰাকীক ছলে চাতুৰে বিয়া পাতি সম্পত্তি দখল কৰাৰ চেষ্টা কৰে এই চাৰি ভাতয়ে৷ কিয়নো প্ৰায় পাচ বছৰ পূৰ্বে স্বামীহাৰা হৈছে মহিলাগৰাকীয়ে তাৰ পিছৰে পৰাই লম্পট ছুমেদ আলীয়ে পিছা লাগিছে মহিলাগৰাকীৰ মাজে সময়ে ধৰ্ষণ কৰাৰ চেষ্টা চলায়, বিবাহৰ প্ৰস্তাপ দিয়ে, মাজে সময়ে নিশা ঘৰত প্ৰৱেশ কৰি আহিছে লম্পটজনে
এতিয়া উপায়ন্তৰ হৈ মহিলাগৰাকী প্ৰশাসনৰ ওচৰত ন্যায় বিছাৰি কাতৰ আহ্বান জনায়
আনফালে আমাৰ সাংবাদিকে জানিবলৈ চেষ্টা কৰোতে ছুমেত আলীৰ ভাতৃয়ে একেমুখে অশ্বিকাৰ কৰে এই ঘটনাৰ কথা আৰু মহিলাগৰাকী অসৎ বুলি মন্তব্য কৰে৷ এতিয়া আৰক্ষীত তদন্তত হে ওলাই পৰিব কোন সচা কোন মিছা