Local, Vocal, Global

গ্ৰেপ্তাৰ হ’ল মন্ত্ৰীৰ ভতিজা

বঙালমৰাৰ সোণ নিবলৈ আহি আটক হ’ল পশ্চিম বংগৰ মন্ত্ৰীৰ ভতিজা। লক ডাউনৰ মাজতে লখিমপুৰৰ বঙালমৰাত চলিছে নকল সোণৰ বেপাৰ

আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ সময়ত কেনেকৈ পশ্চিম বংগৰ পৰা বঙালমৰা পালেহি দুই যুৱক?

কভিডৰ সংহাৰ আৰু লক ডাউনৰ মাজতে লখিমপুৰৰ বঙালমৰাত চলিছে নকল সোণৰ ব্যৱসায়। কিছুদিন পূৰ্বে নকল সোণ নিবলৈ আহি কলিকতাৰ এহাল বৃদ্ধ দম্পত্তি ধৰা পৰাৰ পিছত এইবাৰ বঙালমৰাত সোণ কিনিবলৈ আহি ধৰা পৰিল পশ্চিম বংগৰ দুই ৰাজনৈতিক নেতা।

নিজকে পশ্চিম বংগৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী মহম্মদ গোলাম ৰাব্বানীৰ ভতিজাক বুলি পৰিচয় দিয়া তৃণমূল কংগ্ৰেছৰ নেতা কেইজনক লখিমপুৰৰ লালুকত সন্দেহবশতঃ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোধা-পোছা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। পশ্চিম বংগৰ উত্তৰ দানেশপুৰ জিলাৰ শ্বাহিদ আনচাৰী আৰু মনচেৰ আলম নামৰ লোক দুজনে বঙালমৰাৰ দুষ্ট চক্ৰ টোৰ পৰা ফোন লাভ কৰি কম মূল্যত সোণ কিনাৰ প্ৰলোভনত পশ্চিম বংগৰ পৰা আহি পায়হি লখিমপুৰৰ বঙালমৰা।

সোণ দিম বুলি মাতি অনা বঙালমৰা দুষ্ট চক্ৰটোক লগ নাপাই ঘূৰি আহোতে লালুকত ধৰা পৰিল দুই ৰাজনৈতিক নেতা। দুয়োৰে পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিছু কফ চিৰাপো। সম্প্ৰতি লালুক আৰক্ষীয়ে দুয়োকে সোধা-পোছা অব্যাহত ৰাখিছে। প্ৰশ্ন হয়, কভিড সংহাৰ, লক ডাউনৰ মাজতে লোক দুজনে পশ্চিম বংগৰ পৰা আহি কেনেকৈ পালেহি লখিমপুৰৰ বঙালমৰা? অপৰাধৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কালতো কেনেকৈ লখিমপুৰৰ বঙালমৰাত চলিছে নকল সোণৰ বেহা?