জালিয়াতি স্বীকাৰ কৰি ৩ মাহলৈ বাতিল ‘বার্ক’ৰ বিতৰ্কিত টিআৰপি ব্যৱস্থা
সাংবাদিক অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিকে ধৰি তিনিটাকৈ টিভি চেনেল সদ্য উন্মোচিত টিআৰপি কেলেংকাৰিত নিমজ্জিত হৈ পৰাৰ পিছতে ‘বাৰ্ক’ অৰ্থাৎ ব্ৰডকাষ্ট অডিয়েন্স ৰিছার্ছ কাউন্সিলে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ সকলো হিন্দী, ইংৰাজী, বাণিজ্যিক, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই ব্যৱস্থা৷ এতিয়াৰে পৰা সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে প্ৰকাশ পোৱা টিআৰপি ব্যৱস্থা অহা তিনি মাহ পৰ্যন্ত ঘোষণা নহয়৷ বাৰ্কৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ টেলিভিচনৰ দৰ্শকক কেন্দ্ৰ কৰি চলা অনিয়ম আঁতৰাই নতুন কঠোৰ ব্যৱস্থা বলবৎ কৰা হ’ব যাতে দৰ্শকৰ ৰুচি আৰু পচন্দক অনুধাৱন কৰিব পাৰি৷ উল্লেখ্য যে ২০১৪ চনত গঠন হৈছিল ব্ৰডকাষ্ট অডিয়েন্স ৰিছার্ছ কাউন্সিল৷ ২৭৭টা চেনেলক সামৰি আৰম্ভ হৈছিল এই সেৱা৷