Local, Vocal, Global

আবকাৰী বিভাগৰ চোৰাংচোৱা শাখা এক্সাইজ ইণ্টেলিজেন্স ব্যুৰৰ অভিযানত বৃহৎ সাফল্য

আবকাৰীৰ চোৰাংচোৱা শাখাক প্ৰশংসা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ৷ সোণাপুৰৰ তেতেলীয়াত আবকাৰী বিভাগে জব্দ কৰিলে এক ট্ৰাক অবৈধ সুৰা৷ ঘটনাৰে জড়িত দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ ৰাজহ ফাঁকি দি ব্যৱসায় চলাই অহা জব্দকৃত চালানসমূহ কামৰূপ মহানগৰ জিলাৰ হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ উদ্যোগটোৰ পৰা যোৰহাটৰ এম এছ বৰগোহাঁই এণ্টাৰপ্ৰাইজ ৱেৰ হাউচলৈ সামগ্ৰী কঢ়িয়াই থকা হৈছিল৷ অভিযানত এএছ০১জিজি-৪১৯৭ নম্বৰৰ সুৰাভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জন দৈমাৰী আৰু হাবিবুল হক নামৰ দুজনক৷ ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আবকাৰীৰ চোৰাংচোৱা শাখাক এই সাফল্যৰ বাবে প্ৰশংসা কৰে৷ উল্লেখ্য যে ছমাহ পূৰ্বেও এই কাৰখানাৰ সমীপৰ পৰা আবকাৰী বিভাগে অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হৈছিল৷