জনমূৰি আয় বাঢ়িল বাংলাদেশৰ
দৰিদ্ৰ দেশৰ উদাহৰণ দিবলৈ সততে ব্যৱহাৰ কৰা হয় প্ৰতিবেশী বাংলাদেশৰ নাম৷ জনমূৰি উৎপাদনৰ ক্ষেত্ৰত ক্ষুদ্ৰ বাংলাদেশে বিশাল অৰ্থনীতিৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰতবৰ্ষক অতিক্ৰম কৰিবলৈ উদ্যত হৈছে৷ আইএমএফ বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বাংলাদেশে জনমূৰি মুঠ ঘৰুৱা উৎপাদন বা জনমূৰি জিডিপিৰ দিশেৰে চলিত বিত্তীয় বৰ্ষত ভাৰতক অতিক্ৰম কৰাই নহয়, ডিজিপিত বৃদ্ধি পাবলগীয়া বিশ্বৰ ২২খন দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰাটো নিশ্চিত কৰিছে৷