Local, Vocal, Global

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ আহোম জনগোষ্ঠীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য

নিউজ ডেক্স,১৫জুলাই : পশ্চিমবংগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ আহোম বিৰুদ্ধে অপমানসূচক মন্তব্য। সমগ্ৰ অসমত ক্ষোভৰ সৃষ্টি কৰিছে এই মন্তব্যই ।

পশ্চিমবংগৰ কৃষ্ণনগৰ তৃণমূল কংগ্ৰেছৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে টুইটাৰত অপমান কৰে আহোম জনগোষ্ঠীক। টুইটাৰত কৰা এই বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

তৃণমূলৰ সাংসদ গৰাকীয়ে এটা টুইট যোগে  Sexual Harassment অৰ্থাৎ যৌন নিৰ্যাতন শব্দৰ পৰিপূৰক হিচাপে Mr. Gogoi শব্দক টুইটাৰত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।

তৃণমূলৰ সাংসদ গৰাকীয়ে অসমীয়া জাতিৰ প্ৰতি অপমানসূচক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ ৰাইজৰ লগতে জাতীয় দল সংগঠন সমূহ।

উল্লেখ্য় যে, কিছুদিন পূৰ্বে এইগৰাকী মহুৱা মৈত্ৰই বিতৰ্কিত মন্তব্য কৰিছিল দেৱী কালী সন্দৰ্ভত। দেৱী দেৱতাৰ অপমান কৰা মহুৱা মৈত্ৰই এইবাৰ অপমান কৰিলে আহোম সম্প্ৰদায়ক ।

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই সন্দৰ্ভত সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে যে, “আমাৰ প্ৰতি চৰম অপমানসূচক মন্তব্য।গগৈ আহোম সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিৰেই এক সন্মানসূচক উপাধি। তৃণমূলৰ নেত্ৰীগৰাকীৰ এই ধৃষ্টতাক কোনো কাৰণতে সহ্য কৰা নহ’ব। আমি অসম চৰকাৰক শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ।”

উল্লেখযোগ্য যে গগৈ সমগ্ৰ আহোম তথা অসমীয়া জাতিৰ বাবেই এক সন্মানজনক উপাধি। আহোম সমাজত গগৈ উপাধিয়ে আহোম ৰাজবংশৰ এক বিশেষ সন্মানজনক আৰু আদৰসূচক উপাধিক সূচায়। কিন্তু মহুৱা মৈত্ৰৰ এই মন্তব্যই তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে অসমত ক্ষোভৰ সৃষ্টি কৰাটো নিশ্চিত।