Local, Vocal, Global

গেলেকীত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৪ জুন : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ।

গেলেকীৰ কমলাবাৰী পথত ONGCৰ এখন পানী টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। ফলত চালক নপাম বাৰুৱতী নাথনিকটাৰ জাহিৰৎদ্দিনৰ পুত্ৰ মুজাকিৰ আলিৰ থিতাতে নিহত হয়।

আনহাতে, গাড়ীখনৰ হেন্দিমেন আৰ্জুদ্দিন আহমেদ আঘাট প্ৰাপ্ত হয়। আৰ্জুদ্দিনক ততাতৈয়াকৈ গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।

পৰৱৰ্তী সময়ত, AS23 CC 1290 নম্বৰৰ টেংকাৰখন ক্ৰেনৰ সহায়ত উঠাবলৈ সক্ষম হয়। নিহত মুজাকিৰ (৩৩বছৰ) মৃত্যুৰ সময়ত পিতৃ, মাতৃ, ভাতৃ, পত্নী আৰু এগৰাকী কন্যাক এৰি গৈছে।