Local, Vocal, Global

শব্দ’ বিতৰ্কৰ উত্তৰ দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

নিউজ ডেক্স,১৫জুলাই : সংসদত প্ৰয়োগ কৰিব নোৱাৰা কিছুমান বিশেষ শব্দ ব্যৱহাৰৰ বিষয়ে জাৰি কৰা নিষেধাজ্ঞাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মন্তব্য প্ৰকাশ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

তেওঁ স্পষ্ট কৰে যে সংসদত কোনো শব্দই বাতিল বুলি দিয়া হোৱা নাই। আগৰে পৰা নিৰ্দিষ্ট কিছু শব্দ আছিল, যিবোৰ অসংসদীয় বুলি কোৱা হৈছিল,পূৰ্বে তাৰ এক নিৰ্দিষ্ট তালিকা প্ৰকাশ কৰি জনোৱা হৈছিল।

এইবাৰ কাগজৰ ব্যৱহাৰ কমোৱাৰ লক্ষ্যৰে সেই তালিকা তুলি দিয়া হৈছিল ইণ্টাৰনেটত। সেয়ে এই বিতৰ্কৰ কোনো অৰ্থ নাই, সংসদত কোনো শব্দই অসংসদীয় নহয় বুলি তেওঁ মন্তব্য় কৰে।

লগতে তেওঁ কয় যে, ‘‘কোনবোৰ শব্দ অসংসদীয়, তাৰ এখন ১ হাজাৰ ১০০ পৃষ্ঠাৰ অভিধান প্ৰকাশ কৰা হৈছিল। যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোকৰ ওচৰত এইখন থাকিলে, এই ভুল ধাৰণাৰ সৃষ্টি নহ’লহেঁতেন।

উল্লেখ্য় যে, বহুতে ধাৰণা কৰিছে ১৮ জুলাইৰ পৰা অধিৱেশন আৰু তাৰ পূৰ্বে এই বিতৰ্ক সৃষ্টি হোৱাত অধিৱেশনত বেমেজালি ঘটিব পাৰে, সেই আশংকা কৰিয়ে ওম বিৰলাই এই বিতৰ্কৰ উত্তৰ দিয়ে।