Local, Vocal, Global

১,৫০০ টকাকৈ সাহায্য ট্রেন্সজেণ্ডাৰ লোকলৈ

ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ চলি থকা সময়তে কেন্দ্রীয় চৰকাৰে ট্রেন্সজেণ্ডাৰ অর্থাৎ তৃতীয় লিংগৰ ব্যক্তিসকলক ১৫০০কৈ টকা সাহায্য হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে এই মহামাৰীৰ দ্বিতীয় জোৱাৰ চলি থকাৰ মাজতে ট্রেন্সজেণ্ডাৰ সম্প্রদায়ৰ সদস্যসকলে সাহায্য বিচাৰি চৰকাৰলৈ টেলিফোন তথা ই–মেইল কৰি আছিল ৷ লোকসকল ভয়াৱহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৷ গতিকে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়ে এই দুর্যোগৰ সময়ত ট্রেন্সজেণ্ডাৰ লোকসকলক মানৱীয়তাৰ বিষয়টোক গুৰুত্ব প্রদান কৰি সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লয় ৷ এই সাহায্য লাভৰ পিছতেই ট্রেন্সজেণ্ডাৰ লোকসকলে নিজৰ অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰিছে চৰকাৰে ৷