Local, Vocal, Global

অসম মাধ্যমিক শিক্ষা সংসদৰ নতুন চেয়াৰমেন ৰুক্ম গোহাঁই বৰুৱা

ৰুক্ম গোহাঁই বৰুৱাক অসম মাধ্যমিক শিক্ষা সংসদৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিছে৷ ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে তিনি বছৰৰ বাবে বৰুৱাক সেই পদত নিযুক্তি দিয়ে৷ অহা দুই জুনৰ পৰা এই নির্দেশ কার্যকৰী হ’ব৷ বৰুৱা অসম সাহিত্য সভাৰ প্রথম সভাপতি তথা বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি৷