Local, Vocal, Global

ৰাজ্যত কৰোনাৰ প্ৰকোপ চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে দিব্যাংগ সকলৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিছে

ৰাজ্যত কৰোনাৰ প্ৰকোপ চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে দিব্যাংগ সকলৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিব্যাংগ সকলৰ যাতে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ কভিড ভেকিচন দিব পাৰে এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।এই সন্দৰ্ভত ৰাজ্য চৰকাৰেও সন্মতি প্ৰদান কৰিছে।  গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চকু বিভাগত দিব্যাংগ লোক সকলে ভেকচিন ল’ব পাৰিব। তাৰ বাবে দিব্যাংগলোক সকলে নিজৰ পৰিচয় পত্ৰ লগত নিব লাগিব।আনহাতে ৰাজ্যৰ প্ৰতিখন জিলাতেই কভিড ভেকচিনৰ ব্যৱস্থা কৰা হ’ব। প্ৰথম অৱস্থাত কামৰূপ গ্ৰাম্যৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্যকেন্দ্ৰত অহা ২৮ মেৰ পৰা ৭ জুনলৈ স্বাস্থ্য বিভাগে টিকাকৰণ কাৰ্যসূচী হাতত লৈছে। এই প্ৰচেষ্টাত লাখ লাখ দিব্যাংগ উপকৃত হব বুলিও প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে জানিবলৈ দিয়ে।