জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:-জোনাইৰ জামজিংস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।দুখন বাহনৰ মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত কেইবাজনো লোক গুৰুতৰ ভাৱে আহতপ্ৰাপ্ত।জোনাইৰ জামজিংস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱাই সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।জানিব পৰা মতে, চিলাপথাৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী উইঙ্গাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন বলেন গাড়ীৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত বাহন দুখনত থকা কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হয়। আহত ব্যক্তি সকলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনা সংঘটিত হোৱা উইঙ্গাৰ বাহন খনৰ নম্বৰ হ’ল AS 07C 7868 আৰু বলেন গাড়ীখনৰ নম্বৰ হৈছে AS 04 N 2511