আঘাতপ্ৰাপ্ত বলীউডৰ মহানায়ক অমিতাভ বচ্চন,শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত বিগ-বি

ডিজিটেল ডেস্ক:শেহতীয়াকৈ বলীডদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ এক খবৰ আহিছে।হায়দৰাবাদত শ্বুটিং চলি থকাৰ সময়তে ঘটিল অঘটন।হায়দৰাবাদত বিগ-বিয়ে আগন্তুক ছবি ‘ ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙ কৰি আছিল।শ্বুটিঙৰ সময়তে আঘাটপ্ৰাপ্ত হয় বলীউদৰ মেগাষ্টাৰগৰাকী। শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছে অমিতাভ বচ্চনে। বিগ-বিয়ে নিজৰ স্বাস্থ্যৰ আপডেট সামজিক মাধ্যমত এটা ব্লগৰ জৰিয়তে শ্বেয়াৰ কৰে। বিগ-বিয়ে নিজৰ স্বাস্থ্যৰ ব্লগৰ জৰিয়তে লিখে-”হায়দৰাবাদত প্ৰজেক্ট কেৰ শ্বুটিং কৰি থকাৰ সময়ত একচন শ্বটত মই আঘাত প্ৰাপ্ত হৈছো।ৰিব কাৰ্টিলেজ পপ হৈ সোঁফালৰ ৰিব কেজলৈ পেশী ফাটি গৈছে।শ্বুট বাতিল কৰা হৈছে।হায়দৰাবাদৰ এ আই জি হাস্পতালতচিকিৎসা চিটি স্কেন কৰা হৈছে আৰু ষ্ট্ৰেপিং কৰা হৈছে।আৰু চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে।আৰু অভিনেতাগৰাকীয়ে কয়, গতিকে কৰিবলীয়া সকলো কাম স্থগিত ৰখা হৈছে আৰু বাতিল কৰা হৈছে।সুস্থ নোহোৱা পৰ্যন্ত সকলো কাম পিছুৱাই দিয়া হৈছে।অভিনেতাগৰাকীৰ এই খবৰৰ পিছতে অনুৰাগীসকলে ব্যক্ত কৰে প্ৰতিক্ৰিয়া।অভিনেতাগৰাকীৰ অতি সোণকালেই সুস্থ হোৱাৰ কামনা কৰে আত্মীয় স্বজন তথা অনুৰাগীসকলে।