ৰঙৰ উৎসৱ ফাকুৱাত আবিৰৰ ৰঙেৰে ৰঙীন হ’ব চৌদিশ; হোলী গীতৰে মুখৰিত হ’ব ৰাজ্য

ডিজিটেল ডেস্ক:- যেতিয়া মন পৰশ লাগে, যৌৱনৰ পাৰ ভাবে, চিনাকী হৈ উঠে সপোন ফাগুনৰ ধূলিয়ৰি বাটত।
সঁচাই ফাগুনই উন্মাদ৷ ফাগুন মাথোঁ সৰাপাতৰ সাধু৷ ফাগুন মানেই লঠঙা গছ৷ ফাগুন মানেই পলাশ, শিমলু, মদাৰ৷ পচোৱা বতাহে ডেকা-গাভৰুক উন্মাদ কৰে ফাগুনে। ফাগুন মানেই ধৰালৈ যৌৱন নমাই অনা বসন্তৰ আগমনৰ উকমুকনি। ৰঙেৰে উজ্জীৱিত মাহ হৈছে ফাগুন। ৰঙা মদাৰে কঢ়িয়াই আনে প্ৰেমৰ বতৰা।
ফাগুন, হাড় কপোৱা জাৰক বিদায় দিয়া শুকান ফাগুন। সৰাপাত উৰুৱাই ধূলি উৰি বতাহত ফাগুনে যেন পৃথিবীত ৰঙীন সিঁচি দিয়ে।
দুষ্ট, বলিয়া ফাগুনে গছবোৰ লঠঙা কৰি পলাশ-মদাৰ-শিমলুৰ সৈতে মিতিৰালি পাতে। ডেকা-গাভৰুৰ মাজত মিতিৰালি পতাৰ সুযোগ দিছে৷ ফাগুন অহাৰ লগে লগে পলাশ আৰু মদাৰ ফুলিলেই তৰুণ-তৰুণীৰ প্ৰেমৰ উন্মাদনা জাগে৷ কিয়নো ফাগুনৰ সৈতে মদাৰৰ যে আছে যুগযুগৰ সম্পৰ্ক৷ ফাগুনে ডেকা-গাভৰুক ব্যাকুল কৰে৷ ডেকা-গাভৰুৰ মন-প্ৰাণত প্ৰেম, উন্মাদনা জগাই৷ যৌৱনা গাভৰুক ঘৰত থাকিব নোৱাৰা কৰে ফাগুনে৷ কিয়নো ফাগুনৰ পিছতে বৰদৈচিলাজনী মাকৰ ঘৰলৈ আহিব। চঞ্চলা ফাগুনৰ পছোৱা জাকে মনৰ আবেগ উৰুৱাই মন প্ৰান উতলাই তোলে। সৰাপাতৰ প্ৰতিটো পাতে ফাগুনৰ মন প্ৰান উতলাই তোলে। হৃদয়ত বসন্তৰ বতৰা লৈ ফাগুন আহে।
মাজত মাথো দুটা দিন৷ ৰঙৰ উৎসৱ ফাকুৱাত আবিৰৰ ৰঙেৰে ৰঙীন হ’ব চৌদিশ৷ হোলী গীতৰে মুখৰিত হ’ব ৰাজ্য। অসমবাসীয়ে উলহ মালহেৰে দৌল উৎসৱ পালন কৰিবলৈ সাজু হৈছে। ৰঙে ৰঙে একাকাৰ হোৱাৰ ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক৷ তাৰেই কামনাৰে সকলোকে ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীৰ আগতীয়াকৈ হিয়াঁভৰা শুভেচ্ছা জ্ঞাপন কৰিলো৷