Local, Vocal, Global

FlyBig flight: আজিৰে পৰা আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা

গুৱাহাটী, ১মে’ : অৱশেষত আজিৰে পৰা অৰ্থা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা।আৰম্ভ হ’ল গুৱাহাটী আৰু শিলচৰৰ মাজত ‘ফ্লাইবিগ’ৰ বিমান সেৱা (FlyBig flight from Guwahati to Silchar)। ফ্লাইবিগ বিমান সংস্থাই আৰম্ভ কৰিলে এই বিমান পৰিসেৱা। সুলভ মূল্যৰ ভাড়াৰে যাত্ৰীসকলে এতিয়াৰে পৰা যাতায়ত কৰিব পাৰিব শিলচৰ-গুৱাহাটীৰ মাজত। অৱশ্যে এই বিমান সেৱা ১৫ মে’ৰ পৰা আৰম্ভ কৰাৰ কথা আছিল।

ৰাজ্যৰ দূৰণিবটীয়া ঠাইসমূহৰ মাজত যোগাযোগৰ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ ‘ফ্লাইবিগ’আৰু “অসম পৰ্যটন উন্নয়ন নিগম” মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি মৰ্মে এই সেৱা আৰম্ভ কৰা হৈছে।

আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী- শিলচৰ মাজত ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’কৰি ইয়াৰ শুভাৰম্ভনী কৰে(Assam tourism minister flags off First FlyBig flight)।

‘ফ্লেগ অফ’কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ দুয়োপক্ষৰ মাজৰ চুক্তি অনুসৰি ‘নন-উড়ান ৰুট’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি অন্যান্য দিশৰ লগতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। এই বিমান সেৱা “ভায়েবিলিটি গেপ ফাণ্ডিং’ (VGF)-ৰ জৰিয়তে অসম চৰকাৰৰ হৈ “অসম পৰ্যটন উন্নয়ন নিগম’ৰ সহযোগত চলিব। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত বিগত সময়ছোৱাত অসমৰ প্ৰতি দেশী-বিদেশী পৰ্যটকৰ আগ্ৰহ বহুগুণে বৃদ্ধি পাইছে বুলি কয়।

আজিৰ প্রাৰম্ভিক উৰণত বিমানখনত ৬৩ জন লোকে ভ্রমণ কৰে। প্ৰতিদিনে ‘ফ্লাইবিগ’ৰ এই বিমান দৈনিক গুৱাহাটী বিমানবন্দৰৰ পৰা পুৱা ৭.৩০ বজাত যাত্রা কৰি ৮.৩০ বজাত গুৱাহাটীলৈ উভতি আহিব। ৰাজ্যৰ দূৰণিবটীয়া ঠাইসমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ যোৱা ২৫ মাৰ্চত ‘অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত সম্পন্ন হৈছিল বুজাবুজিৰ চুক্তি।

দুয়োপক্ষৰ মাজৰ চুক্তি অনুসৰি ‘নন-উড়ান ৰুট’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি অন্যান্য দিশৰ লগতে ৰাজ্যখনৰ পর্যটন উদ্যোগত সুদূৰপ্রসাৰী প্রভাৱ পেলাব ৷ এই বিমান সেৱা ‘ভায়েবিলিটি গেপ ফাণ্ডিং’ (VGF)-ৰ জড়িয়তে অসম চৰকাৰৰ হৈ ‘অসম পর্যটন উন্নয়ন নিগম’ৰ সহযোগত চলিব।

আজিৰ ‘ফ্লেগ অফ’ অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্রী ঋতুপৰ্ণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ শ্ৰীদিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীমণিন্দৰ সিং, পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক শ্ৰীকুমাৰ পদ্মপাণি বৰা, ‘ফ্লাইবিগ’ৰ অধ্যক্ষ শ্রী সঞ্জয় নটৱৰলাল মাণ্ডৱীয়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক : IAF Jet crashes in Chamarajnagar : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত