Local, Vocal, Global

Daily Horoscope for 2th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক হব । আজি আপুনি ভ্ৰমণত যাব পাৰে । হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ।বৈদেশিক বাণিজ্যৰ সৈতে যুক্ত লোকসকলে লাভবান হ’ব ।

বৃষ ৰাশি: আজি আপুনি মানসিকভাৱে শান্তিত থাকিব । শাৰীৰিকভাৱে সুস্থ থাকিব । আপুনি নিজৰ কামৰ নিখুঁত পৰিকল্পনাৰ সৈতে প্ৰণালীবদ্ধভাৱে আগুৱাই যাব পাৰিব । অসমাপ্ত হৈ থকা কামবোৰ আজি আপুনি সম্পন্ন কৰিব পাৰে ।

মিথুন ৰাশি: আজি আপুনি নতুন কাম হাতত নল’ব।আজি আপুনি স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব । এয়া আপোনাৰ মনক সন্দেহৰে আগুৰি ৰাখিব ।

কৰ্কট ৰাশি: আজি আপুনি ভাবি-চিন্তি কাম কৰক । আপোনাৰ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে । হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে । অনিদ্ৰাই আপোনাক আমনি দিব পাৰে ।

সিংহ ৰাশি: আজি আপুনি আনন্দত থাকিব । ভাইভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব । প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে । আজি আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰে । আজি আপোনাৰ আৰ্থিক লাভো হ’ব পাৰে । আজি আপুনি শান্ত হৈ থাকিব ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপুনি নিজৰ মিঠা মাতেৰে নিজৰ চাৰিও ফালে থকা লোকৰ উপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব ।আজি আপোনাৰ ঘৰুৱা পৰিৱেশ ভালে থাকিব । আপুনি আজি নেতিবাচক চিন্তা এৰাই চলক ।সৰুসুৰা ভ্ৰমণ হোৱাৰ যোগ আছে ।

তুলা ৰাশি: আজি আপুনি যি কোনো কামেই আত্মবিশ্বাসৰ জোৰত কৰি যাব পাৰিব । আপুনি আজি নিজৰ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব । আজি আপুনি শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ।

বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ আজি আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ন আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভূল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ট জনৰ ব্যৱহাৰত আপোনাৰ খং উঠিব পাৰে ৷

ধনু ৰাশি: আজি আপুনি কামৰ বোজাৰ মাজত থাকিব লাগিব ৷ কামৰ বোজা বৃদ্ধি হ’লেও শেষ নোহোৱালৈকে ৰক্ষা নহ’ব, কিন্তু কামৰ অন্তত আপুনি আনন্দ অনুভৱ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব আৰু প্ৰেমৰ উমেৰে ভৰা হ’ব ৷ বিবাহপ্ৰাৰ্থী সকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷

মকৰ ৰাশি: এই দিনটোত সকলো কাম অসফল হ’ব যেন লাগিব , কিন্তু এই সময়ো পাৰ হৈ যাব ৷ জুই আৰু পানীৰ পৰা সাবধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ ব্যৱসায় সংক্ৰান্তিয় ভ্ৰমণ হ’ব পাৰে আৰু আপোনাৰ আনন্দ বাঢ়িব ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিবেশ সুন্দৰ হ’ব ৷

কুম্ভ ৰাশি: এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা আপুনি দূৰ্বল অনুভব কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদন্দী সকলৰ পৰা সাৱধানে আতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ তেওঁলোকে আপোনাক অৱহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্দিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

মীন ৰাশি: গণেশৰ কৃপাত এই দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক ৷ নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰক ৷ কাৰো ওপৰত বৰ বিশ্বাস নকৰিব ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ৷ কিন্তু ধনৰ ক্ষেত্ৰত ভাল দিন , হঠাৎ নভবাকৈ ধনাগমন হ’বপাৰে ৷