Local, Vocal, Global

Court Stays release of Ravi Sharma’s ‘Sri Raghupati’ : ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ মুক্তিত ন্যায়ালয়ৰ বাধা

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ১ জুন : শুক্ৰবাৰে অর্থাৎ ২ জুমত মুক্তিপাব লগীয়া বহু প্ৰতাক্ষিত অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ মুক্তি পথত আহি পৰিছে বাধা (Court blocks release ‘Sri Raghupati’) । অনিৰ্দিষ্টকালৰ বাবে চিনেমাখন মুক্তিত বাধা প্ৰদান কৰিলে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে (Kamrup Satra Judge’s Court)।

জানিব পৰা মতে, ছবিখনৰ পূৰ্বৰ প্ৰযোজক আছিল সুৰয শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ বাবে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ সত্ৰ ন্যায়াধীশত গোচৰ তৰিছিল । সেই গোচৰৰ ভিত্তিতেই ন্যায়ালয়ে আজি ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা প্ৰদান কৰে।

চিনেমাখন ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে শুভ মুক্তি দিয়াৰো চুক্তি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি ‘শ্ৰী ৰঘুপতি’ চিনেমাখন শৈলন কুমাৰ শৰ্মাৰ ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত শুভমুক্তি দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিলে । সেয়ে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ কাষ চাপে।

কভিড মহামৰীৰ বাবে মুক্তিৰ পথত ইতিমধ্যেই বহু পলম হৈছে । ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মাৰ অনুৰাগীয়ে আশাৰে বাট চাই আছিল চিনেমাখন ছবিগৃহত অহালৈ ।

উল্লেখ্য যে, তৃষ্ণা মোছন পিক্‌চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ । ছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিত্‍ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰিছে।

ইতিমধ্যেই বহু ছবিগৃহত চিনেমা খনৰ অনলাইন টিকট বিক্ৰী কৰা হৈছে। এনে সময়ত ছবিখনৰ মুক্তি নিষেধাজ্ঞাত নিশ্চয় ছবি প্ৰেমীৰ বাবে দুখৰ বতৰা লৈ আহিছে।

আনহাতে চিনেমাখন নিৰ্দিষ্ট সময় অনুসৰিয়েই শুভ মুক্তি দিবৰ বাবে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ হৈ ময়ূৰাক্ষী শৰ্মাই আৱেদন কৰিছিল যদিও ধৃতিমান শৰ্মাৰ সপক্ষেই ন্যায়ালয়ে ৰায় প্ৰদান কৰে আৰু অনিৰ্দিষ্ট কালৰ বাবে চিনেমাখন প্ৰদৰ্শনত বাধা প্ৰদান কৰে।

লগতে পঢ়ক : Delhi Recorded Coolest May : ৩৬ বছৰৰ ভিতৰত আটাইতকৈ ঠাণ্ডা মে’ মাহত দিল্লীৰ অভিলেখ